অসম

assam

ETV Bharat / state

বাণ থিয়েটাৰৰ মঞ্চত এশবছৰীয়া 'শোণিত কুঁৱৰী'

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সাংস্কৃতিক জগতখনলৈ দি যোৱা আন এক অনবদ্য অবদান হৈছে 'শোণিত কুঁৱৰী' । 'শোণিত কুঁৱৰী'য়ে গৰকিলে গৌৰৱোজ্জল এশটা বসন্ত । 'শোণিত কুঁৱৰী'ৰ ১০০ বছৰ উপলক্ষে বান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ 'শোণিত কুঁৱৰী' নাটক(Sonit kunwari staged on Ban Theatre) ।

Sonitkunwari staged on Ban Theatre
বাণৰ মঞ্চত এশবছৰীয়া 'শোণিত কুঁৱৰী'

By

Published : Apr 10, 2022, 9:11 PM IST

তেজপুৰ, ১০ এপ্ৰিল:ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম সৃষ্টি 'শোণিত কুঁৱৰী' । ৰূপকোঁৱৰে ১৪ বছৰ বয়সতে ৰচনা কৰা অসমীয়া নাটকৰ ধ্বজাবাহী 'শোণিত কুঁৱৰী'য়ে গৰকিলে ১০০ বছৰ । ১০০ বছৰ উপলক্ষে ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ কুশীলৱৰ জৰিয়তে পুনৰ উদ্ভাসিত হৈ উঠিল 'শোণিত কুঁৱৰী'(Sonit kunwari staged on Ban Theatre) ।

বাণ থিয়েটাৰৰ মঞ্চত এশবছৰীয়া 'শোণিত কুঁৱৰী'

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীৰ শেহতীয়া এক আলোকসন্ধানী যাত্ৰাৰ অংশ হিচাপে তেজপুৰৰ দক্ষ নাট পৰিচালক পুলক কুমাৰ ডেকাৰ পৰিচালনাৰে ৰূপকোঁৱৰৰ এই কালজয়ী নাটকখন মঞ্চস্থ কৰা হয় । প্ৰতিকুল বতৰৰ মাজতে শনিবাৰে মঞ্চস্থ হোৱা নাটকখনি আনুস্থানিকভাৱে উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।

আবৃত্তিকাৰ ৰুবী বৰাই আঁত ধৰা উদ্বোধনী অনুস্থানটোত পৃথ্বিৰাজ ৰাভাই নিজে বাণ থিয়েটাৰত বাণ ৰজাৰ চৰিত্ৰত অভিনয় কৰাৰ স্মৃতি ৰোমন্থন কৰে । লগতে পৰিচালক পুলক কুমাৰ ডেকাক এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।

নাট্যানুস্থানটোত উপস্থিত থাকে অসম ৰেপাৰেটৰীৰ সভাপতি ডাক্তৰ প্ৰদীপ লহকৰ, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা । বিশিষ্ট নৃত্যশিল্পী ড° প্ৰতিভা শৰ্মাৰ নৃত্য পৰিচালনাৰে নাটকখনত নৃত্যশিল্পীসকলে 'শোণিত কুঁৱৰী'ৰ প্ৰতিটো গীততে প্ৰাণ ঢালি নৃত্য প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক:কেন্দ্ৰৰ প্ৰতিবেদনে উদঙাইছে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পঁয়া লগা অৱস্থা

ABOUT THE AUTHOR

...view details