অসম

assam

ETV Bharat / state

Audio song Monore kobita released : মুকলি হ’ল প্ৰান্তিক কৃষ্ণনৰ ’মনৰে কবিতা’

শুকুৰবাৰৰ সন্ধিয়া তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত মুকলি কৰা হয় উদীয়মান শিল্পী প্ৰান্তিক কৃষ্ণণৰ কণ্ঠত 'মনৰে কবিতা' শীৰ্ষক মনপৰশা গীতটি ৷ গীতটিয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী ৷

Song released at tezpur
প্ৰান্তিক কৃষ্ণনৰ প্ৰথমটো গীত মুকলি

By

Published : Jul 1, 2023, 11:12 AM IST

Updated : Jul 1, 2023, 11:40 AM IST

প্ৰান্তিক কৃষ্ণনৰ প্ৰথমটো গীত

তেজপুৰ, 1 জুলাই : সংগীতৰ পৰা নাটকলৈকে সকলো ক্ষেত্ৰতে আগৰণুৱা তথা তেজপুৰৰ এক উজ্জ্বল প্ৰতিভাধৰ হৈ ধৰা দিছে উদীয়মান শিল্পী প্ৰান্তিক কৃষ্ণণ ৷ সৰুৰে পৰা গীত, বাদ্যৰ লগত জড়িত হৈ বিভিন্ন মঞ্চত গীত-বাদ্য পৰিৱেশন কৰি শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰান্তিক কৃষ্ণণে শুকুৰবাৰৰ সন্ধিয়া মুকলি কৰে 'মনৰে কবিতা' শীৰ্ষক কৃষ্ণণৰ প্ৰথমটো অফিচিয়েল গীত ৷

প্ৰান্তিক কৃষ্ণণৰ কথা-সুৰৰ লগতে তেওঁৰ কণ্ঠত বাণীৱদ্ধ হোৱা সুমধুৰ চেমিক্লাচিকেল গীতটো মুকলি কৰা হয় তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত ৷ ইউটিউবত উপলব্ধ হোৱা গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে কলাগুৰুৰ সন্তান, শিল্পী তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ উদীয়মান সংগীত শিল্পী ৰোহন শইকীয়াৰ সংগীতেৰে সজোৱা গীতটো মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

শ্ৰোতাই নতুন সোৱাদ পাব পৰা প্ৰান্তিক কৃষ্ণণৰ সাংগীতিক জীৱনৰ প্ৰথমটো গীতত বাঁহী সংগত কৰিছে প্ৰবাল বণিয়াই ৷ মিক্সিং আৰু মাষ্টাৰিং কৰিছে ৰোহন শইকীয়াই ৷ লিৰিকেল ভিডিঅ'ৰ ৰূপত ALEKHYA নামৰ ইউটিউব চেনেলটোত মুকলি কৰা 'মনৰে কবিতা' গীতটোত বিশেষভাৱে সহযোগিতা আগবঢ়ায় উদ্দীপ্ত মহন্তই । উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাস আৰু তুলিকা শইকীয়া দাসৰ পুত্ৰ প্ৰান্তিক কৃষ্ণণ এগৰাকী সুদক্ষ ঢোলবাদকো ৷

শেহতীয়াকৈ গীনিজ বুক অব্ ৰেকৰ্ডত বিহুৰ নাম অৰ্ন্তভুক্তিৰ প্ৰান্তিক কৃষ্ণণ অন্যতম সহযোগী আছিল বুলি জানিবলৈ পৰা গৈছে । শুকুৰবাৰে প্ৰান্তিকৰ কণ্ঠত গীতটো উন্মোচন হোৱাৰ পাচতে জ্যোতি-বিষ্ণুৰ জন্মভূমিত জন্মলাভ কৰা প্ৰান্তিক কৃষ্ণণেও ৰাজ্যৰ সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়োৱাৰ আশা কৰিছে সকলোৱে ৷

গীতটো মুকলি কৰাৰ পূৰ্বে ALEKHYA নামৰ ইউটিউব চেনেলটোত প্ৰান্তিক কৃষ্ণণে মুকলি কৰিছিল এটি আকৰ্ষণীয় টিজাৰ ৷

লগতে পঢ়ক :Press meet by Anganwadi Workers: 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি অংগনবাদী কৰ্মী-সহায়িকাৰ

Last Updated : Jul 1, 2023, 11:40 AM IST

ABOUT THE AUTHOR

...view details