অসম

assam

ETV Bharat / state

খাদ্যৰ অভাৱত অৰুণাচলৰ দুৰ্গম গাঁৱত গছৰ পৰা তৈয়াৰ কৰিছে পৌৰাণিক খাদ্য - অৰুণাচলত খাদ্যৰ অভাৱত গছৰ পৰা তৈয়াৰ কৰিছে পৌৰাণিক খাদ্য

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ল্​ক ডাউনৰ সময়সীমা 3 মে লৈ বৃদ্ধি কৰাৰ পৰিপেক্ষিতত এই লোকসকল অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷

অৰুণাচল
অৰুণাচল

By

Published : Apr 14, 2020, 8:36 PM IST

তেজপুৰ,১৪ এপ্ৰিল : ল্​ক ডাউনৰ ফলত খাদ্য সামগ্ৰীৰ ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে ভাৰত চীন সীমান্তৰ কুৰুং কুৰমে জিলাৰ ডামিন আৰু পানিচাং ৰাজহ চক্ৰৰ লোকসকল ৷ খাদ্যৰ অভাৱত স্থানীয় লোকসকলে তেওঁলোকৰ পূৰ্ব পুৰুষসকলে খোৱা তেচা নামৰ পৰম্পৰাগত খাদ্যবিধ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷

খাদ্যৰ অভাৱত অৰুণাচলৰ দুৰ্গম গাঁৱত গছৰ পৰা তৈয়াৰ কৰিছে পৌৰাণিক খাদ্য

গছৰ পাত আৰু শিপাৰে প্ৰস্তুত কৰা এই খাদ্যবিধৰ ব্যৱহাৰ অতীততহে হৈছিল ৷ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ল্​ক ডাউনৰ সময়সীমা 3 মে' পৰ্যন্ত বৃদ্ধি কৰাৰ পৰিপেক্ষিতত এই লোকসকল অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ৷

জিলা উপায়ুক্তলৈ শীঘ্ৰেই খাদ্য সামগ্ৰী পঠিওৱাৰ দাবী

তেচা হৈছে এবিধ পৌৰাণিক খাদ্য যাৰ বৈজ্ঞানিক নাম Wallichia disticha ৷ এইবিধ সামগ্ৰী খাদ্য হিচাবে ব্যৱহাৰ কৰিছিল ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলে ৷ আনহাতে উক্ত অঞ্চললৈ যাবলৈ চাৰিখন জিলা অতিক্ৰম কৰিব লাগে ৷ উক্ত ৰাজহ চক্ৰৰ এটা স্থানীয় প্ৰতিনিধিৰ দল সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু জিলা উপায়ুক্তলৈ শীঘ্ৰেই খাদ্য সামগ্ৰী পঠিওৱাৰ দাবী কৰে ৷ উক্ত অঞ্চল দুটা ভাৰত চীন সীমান্তৰ অতি ভিতৰুৱা কম বসতিপূৰ্ণ আৰু দুৰ্গম অঞ্চল আৰু ইয়াত নিচি জনজাতিৰ লোকে বসবাস কৰে ৷

অৰুণাচলৰ দুৰ্গম গাঁৱত গছৰ পৰা তৈয়াৰ কৰিছে পৌৰাণিক খাদ্য

ABOUT THE AUTHOR

...view details