তেজপুৰ,১৭ মাৰ্চ : ক্ৰমাৎ বৃদ্ধি পাইছে চুবুৰীয়া দেশ চীনৰ পৰা বিয়পি অহা মাৰাত্মক বীজাণু কৰ'না ভাইৰাছ অৰ্থাৎ COVID-19 ৰ সন্ত্ৰাস । এতিয়া সমগ্ৰ বিশ্বতে বিয়পিছে এই মাৰাত্মক ভাইৰাছ ৷ এই ভাইৰাছৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অতি উন্নত প্ৰযুক্তিৰ দেশতো বৰ্তমানলৈকে ৮৭ জন লোকৰ মৃত্যু হোৱা খবৰ প্ৰকাশ পাইছে । ভাৰতবৰ্ষত এই বীজাণুৰ গ্ৰাসত পৰা লোকৰ সংখ্যা 137 জনলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু ঘটিছে 3 জনকৈ লোকৰ ৷ এই ভাইৰাছক প্ৰতিহত কৰাৰ বাবে সকলো দেশতে যুদ্ধকালীন তৎপৰতা চলি আছে যদিও নিয়ন্ত্ৰনলৈ অহা নাই এই মাৰাত্মক ভাইৰাছবিধ ৷ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ইবলা ভাইৰাছ ক্ষান্ত হোৱাৰ পিছতেই যেন আকৌ আৰম্ভণি ঘটিলে এই কৰ'না ভাইৰাছৰ ।
অতি তাৎপৰ্যপূৰ্ণক ভাৱে প্ৰত্যেক এশ বছৰ মূৰে মূৰে সমগ্ৰ বিশ্বতে এটা নতুন সংক্ৰমণাত্মক ব্যাধি বা অৰ্থাৎ ভাইৰাছৰ কৱলত ককবকাই থাকিব লগীয়া হৈছিল বিশ্ব বাসীয়ে । আজিৰে পৰা প্ৰায় হাজাৰ বছৰৰ আগতে প্ৰায় ৩০০-৫০০ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাইছিল কলেৰা, বোৱনীক প্লেগ ,বসন্ত আদি মহামাৰী ৰোগত। মূলত আন্তঃ ৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ বিয়পি পৰিছিল এই মহামাৰী ৰোগ সমুহ । শেহতীয়াকৈ ইবলা ভাইৰাছ ৰ ফলত প্ৰায় হাজাৰ লোকে প্ৰাণ হেৰুৱাই দক্ষিন আফ্ৰিকাত ৷ আনহাতে কংগোত ১৯৭৬ চনত আৰম্ভণি হোৱা এইচ আই ভি /এইডছৰ ফলত প্ৰায় ৩৬ মিলিয়ণ লোকৰ মৃত্যু ঘটিছিল আৰু বৰ্তমানেও আক্ৰান্ত হৈ আছে এই ব্যাধীত ।
১৯৬৮ আৰম্ভ হোৱা ইনফ্লুৱেঞ্জা যাক কোৱা হয় "the Hong kong Flu'' সেই ৰোগত প্ৰাণ হেৰুৱাই এক মিলিয়ণ লোকে । ইয়াৰ আগতে ১৯৫৬-১৯৫৮ চনত এছিয়ান ফ্লুত ২ মিলিয়ণ লোকৰ মৃত্যু আৰু ফ্লু পেনডেমিকত ২০-৫০ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাইছিল । উল্লেখযোগ্য যে অন্তনিক প্লেগত ১৬৫ খ্ৰীষ্টপূৰ্বত ৫ মিলিয়ণ আৰু প্লেগ অফ জোষ্টিন ৫৪১-৫৪২ ত হোৱা ভয়ানক মহামাৰীত ২৫ মিলিয়ণ লোকে প্ৰাণ হেৰুৱাই ৷ ইয়াৰ পিছত ১৩৪৬-১৩৫৩ ত Black death ৰ ফলত প্ৰায় ২০০ মিলিয়ণ লোকৰ মৃত্যু হোৱাৰ লগতে ১৮৫২-১৮৬০ চনত তৃতীয় কলেৰা মহামাৰীত ১ মিলিয়ণ লোক এই মহামাৰীত মৃত্যু হৈছিল ৷ তাৰপিছত ১৮৮৯-১৮৯০ ত ফ্লু পেনডেমিকত ১ মিলিয়ণ ,আৰু ১৯১০-১৯১১ চনত Sixth Cholera Pandemic মৃত্যু হৈছিল ৮০০,০০০ ৰো অধিক লোকৰ মৃত্যুৰ ফলত সমগ্ৰ বিশ্বতে খলকনি তুলিছিল ৷