তেজপুৰ,৪ নৱেম্বৰ :অৰুনাচল প্ৰদেশৰ টাৱাং জিলাৰ Lhou লউ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত- চীন সীমান্তত আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত ৷ যোৱা ২৫ অক্টোবৰৰ পৰা সীমান্তৰ এই অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷
টাৱাঙৰ ভাৰত-চীন সীমান্তত তীব্ৰ তুষাৰপাত - SNOWFALL IN ARUNACHAL PRSDESH'S INDO-SINO BORDER
টাৱাং জিলাৰ Lhou লউ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰত- চীন সীমান্তত আৰম্ভ হৈছে তীব্ৰ তুষাৰপাত ৷ যোৱা ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সীমান্তৰ এই অঞ্চলত হোৱা তুষাৰপাতৰ ফলত ব্যাহত হৈছে যাতায়ত ব্যৱস্থা ৷
ভাৰত- চীন সীমান্তত তীব্ৰ তুষাৰপাত
বৰ্ডাৰ পথ নিৰ্মানকাৰী সংস্থা নামি পৰিছে সীমান্তৰ পথ মুকলি কৰাত ৷ এই পথটো হলি জলপ্ৰপাত, ভাৰত চীন সীমান্তৰ এক গুৰুত্বপূৰ্ন সীমান্তৱৰ্ত্তী পথ ৷ এই অঞ্চলত সঘনাই দেখা যায় চীনা সৈন্য দল, আৰু সীমান্তৰ এই অকোৱা পকোৱা পথ অতিক্ৰম কৰি ভাৰতীয় সৈন্যৰ দলে নিতৌ অতন্দ্ৰ প্ৰহৰী হৈ সুৰক্ষা প্ৰদান কৰি আহিছে দেশবাসীক ৷
বছৰৰ প্ৰথম শীতত আৰম্ভ হোৱা এই তুষাৰপাত আগন্তক সময়ত বৃদ্ধিপোৱাৰ সম্ভৱনা প্ৰৱল বুলি জানিব পৰা গৈছে ৷