অসম

assam

ETV Bharat / state

বালিপৰা সংৰক্ষিত বনাঞ্চলত অজগৰ-চকৰী ফেঁটি মুকলি কৰিলে সৰ্পবান্ধৱে - সৰ্পবান্ধৱে

বিভিন্ন ঠাইৰ পৰা সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰা সাপ কেইডাল আজি জিলা বন বিভাগৰ সহযোগত তেওঁ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷

অজগৰ-চকৰি ফেঁটি মুকলি কৰিলে সৰ্পবান্ধৱে

By

Published : May 19, 2019, 4:52 PM IST

ৰঙাপাৰা , 19 মে ':সৰ্পবান্ধৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে দেওবাৰে অৰ্থাৎ আজি 6 ডাল অজগৰ সাপ আৰু এই বৰ্ষৰ সৰ্ববৃহৎ চকৰী ফেঁটি সাপ এডাল মুকলি কৰে ৷ তেজপুৰৰ বিভিন্ন ঠাইৰ পৰা বৰকটকীয়ে উদ্ধাৰ কৰা সাপ কেইডাল আজি জিলা বন বিভাগৰ সহযোগত তেওঁ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সমীপৱৰ্তী বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷

অজগৰ-চকৰি ফেঁটি মুকলি কৰিলে সৰ্পবান্ধৱে
উল্লেখ্য যে, আটাইকেইডাল সৌৰভ বৰকটকীয়ে উদ্ধাৰ কৰাৰ পিচত নিজা ব্যৱস্থাপনাৰে সাপকেইডালক ৰখাৰ অন্তত আজি এনেদৰে বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰে ৷ ইয়াৰ পূৰ্বেও সৌৰভ বৰকটকীয়ে কেইবাডালো সাপ উক্ত বনাঞ্চলখনত মুকলি কৰি দিছে ৷

ABOUT THE AUTHOR

...view details