তেজপুৰ, ৮ জানুৱাৰী: টুপীমূৰীয়া বান্দৰ উত্তৰ-পূৱ ভাৰতত সচৰাচৰ দেখা পোৱা বান্দৰৰ এবিধ প্ৰজাতি । বান্দৰৰ এই প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো দেখিবলৈ পোৱা যায় । টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল ।
টুপীমূৰীয়া বান্দৰক ভাৰতীয় বন্যপ্ৰাণী আইনত প্ৰথম অনুসূচীৰ জীৱ হিচাপে স্বীকৃতি দিয়া হৈছে । এই প্ৰাণীবিধ মূলতঃ ঝুম খেতি, বনাঞ্চল ধ্বংস, চোৰাং চিকাৰ আদি কাৰণত সংকটৰ মুখামুখি হৈ আহিছে ৷ ফলত এই নিৰ্জু, লাজকুৰীয়া প্ৰাণীবিধৰ বাসস্থান দিনক-দিনে নাইকীয়া হৈ আহিব ধৰিছে ৷
শেহতীয়াকৈ হিমালয়ৰ পাদদেশ অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত বিহালি সংৰক্ষিত বনাঞ্চলৰ হাতীদিপু ৰংগড়া বনভোজ থলীৰ নিচেই সমীপত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ খোলা উদ্ধাৰ হৈছে (Skulls of capped langurs found in Behali reserve forest)
দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ ৫ টাকৈ লাওখোলা উদ্ধাৰ কৰিলে এটা বন্য প্ৰাণী সংস্থাই । অনুমান কৰা মতে, চোৰাং চিকাৰীয়ে বান্দৰ কেইটাৰ ছাল, নেগুৰ, হাঁড় আদি অংশ লৈ যায় যদিও পেলাই থৈ যায় মূৰকেইটা ৷ বন্য প্ৰাণী সংস্থাটোৱে বন বিভাগক খবৰ দিয়াত ইতিমধ্যে এই সংক্ৰান্তত এক গোচৰ ৰূজু কৰা বুলি জানিব পৰা গৈছে ।