তেজপুৰ, ২০ অক্টোবৰ :ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে শুকুৰবাৰে মণিপুৰ উচ্চ ন্যায়ালয়ৰ সপ্তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ইম্ফলৰ ৰাজভৱনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে সিদ্ধাৰ্থ মৃদুলক শপতবাক্য পাঠ কৰায় ।
উল্লেখ্য যে বিগত ১৬ অক্টোবৰত মৃদুলক দেশৰ ৰাষ্ট্ৰপতিয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল । ন্যায়াধীশ মৃদুলৰ এই সন্মানীয় পদবীৰ বাবে যথেষ্ট আইনী অভিজ্ঞতা আছে । তেওঁ পূৰ্বতে দিল্লী উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল ।
শপত গ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মণিপুৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে মণিপুৰ উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা ৩,৩৩৫ টা গোচৰৰ খৰতকীয়া সমাধানৰ বাবে তেওঁ সমৰ্পিত বুলি ব্যক্ত কৰে । তেওঁ এই গোচৰসমূহ দ্ৰুততাৰে সমাধান কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে, যাতে গোচৰসমূহত তাৎক্ষণিক ন্যায় প্ৰদান কৰিব পৰা যায় ।
আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰত চলি থকা পৰিস্থিতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ৰাজ্যপালৰ সৈতে আলোচনা কৰে । দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত আইনৰ ডিগ্ৰী লাভ কৰা ন্যায়াধীশ মৃদুলৰ আইনী কেৰিয়াৰ তেওঁৰ অধ্যৱসায়মূলক সেৱাৰ বাবে অতি উজ্জ্বল ।