তেজপুৰ, ২৫ ফেব্ৰুৱাৰী:আজি নগাঁও জিলাৰ বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ পিচতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিজেপিয়ে নিৰ্বাচনৰ ইচ্ছু হিচাপে ব্যৱহাৰ কৰিব বুলি সচেতন মহলত চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
প্ৰথমে নগাঁৱৰ পুৰণিগুদামত মৃত্যুঞ্জয় যজ্ঞত অংশগ্ৰহণ কৰা পিচতে বটদ্ৰৱালৈ ৰাওনা হয় অমিত শ্বাহ ৷ বটদ্ৰৱা থানত উপস্থিত হৈ বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভণি কৰে অমিত শ্বাহে ৷ ইয়াৰ পিচতে কাৰ্বি আংলঙলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ৷ তেখেতৰ লগত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বিজেপিৰ নিৰ্বাচন কেন্দ্ৰীক ৰাজনীতি পূৰ্বে প্ৰকাশিত অসমৰ কলাকৃষ্টি, সংস্কৃতিৰ লগতে ধৰ্মীয় অনুষ্ঠান সমূহ সুৰক্ষিত কৰাৰ । 2016 বৰ্ষৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে প্ৰকাশ কৰিছিল অসমৰ পৰা বিদেশী নাগৰিকৰ বহিস্কৃত কৰা হ’ব কিন্তু এইবাৰ দলটোৱে অসমৰ ধৰ্মীয় ক্ষেত্ৰসমূহ সংৰক্ষিত কৰা আৰু পুনৰ নিৰ্মাণৰ যোগেদি নিৰ্বাচনৰ খেল খন অন্য ধৰণে খেলা যেন অনুমান কৰিব পৰা গৈছে ।