অসম

assam

ETV Bharat / state

তেজপুৰ ঢেঁকীদলত কৰ্কট ৰোগৰ ত্ৰাস - শোণিতপুৰ ৰঙাপৰা সমষ্টি

কাষৰীয়া অঞ্চলত অৱস্থিত উদ্যোগৰ বাবেই অঞ্চলটোত দূষিত হোৱা পানী আৰু আৰ্চেনিকযুক্ত পানীৰ বাবেই এনে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে গাঁৱবাসীয়ে ৷

তেজপুৰ
তেজপুৰ ঢেঁকীদলত কৰ্কট ৰোগৰ ত্ৰাস

By

Published : Dec 2, 2019, 8:20 PM IST

তেজপুৰ, 2 ডিচেম্বৰঃ ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে ৷ ইখন জিলাৰ পাচত সিখন জিলাত ধৰা পৰিছে বৃহৎ সংখ্যক কৰ্কট ৰোগী ৷ শোণিতপুৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ঘোঁৰামাৰী ঢেঁকীদল গাঁৱত বিগত সময়চোৱাত এটা মাহৰ ভিতৰতে প্ৰায় ৮ জন লোকৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ তাৰোপৰি বৰ্তমানেও এই ৰোগত আক্ৰান্ত হৈ আছে গাঁৱখনৰ বহু কেইটা পৰিয়ালৰ সদস্য ৷

আৰু পঢ়কঃ সংসদত উত্থাপন হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড

গাঁৱখনৰ কাষৰীয়া অঞ্চলত অৱস্থিত উদ্যোগৰ বাবেই অঞ্চলটোত দূষিত হোৱা পানী আৰু আৰ্চেনিকযুক্ত পানীৰ বাবেই এনে জটিল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ব্য়ক্ত কৰিছে গাঁওৱাসীয়ে ৷ অঞ্চলটোত খোৱা পানী যোগান আঁচনি আছে যদিও মাত্ৰ দুটা সময়তে পানী পোৱা যায় আৰু সেই পানী কিমান পৰিস্কাৰ সেইয়াও সন্দেহৰ আৱৰ্তত ৷

তেজপুৰ ঢেঁকীদলত কৰ্কট ৰোগৰ ত্ৰাস

আনহাতে, অঞ্চলবাসীৰ অভিযোগ কেৱল কৰ্কট ৰোগেই নহয় জণ্ডিচ, এপেণ্ডিক্স আদিৰ ৰোগতো আক্ৰান্ত হৈছে বহু পৰিয়ালৰ সদস্য । জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কৃষ্ণা কেম্পৰাই ইটিভি ভাৰতৰ আগত জনায় যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ অঞ্চলটোৰ পানীৰ গুণগত মানদণ্ড পৰীক্ষাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে গাঁৱবাসীয়ে । বিষয়াগৰাকীয়ে এই বিষয়ে অনুসন্ধানৰ বাবে জিলাৰ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details