তেজপুৰ, 23 ডিচেম্বৰ:তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ ৷ সমাৰোহত 1275 গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে ৷ ইয়াৰ ভিতৰত 82 গৰাকীক পি এইচ ডি, 749 গৰাকীক স্নাতকোত্তৰ, 402 গৰাকীক স্নাতক আৰু 42গৰাকীক ডিপ্লোমা প্ৰদান কৰে ৷ ইয়াৰোপৰি 46 গৰাকী শিক্ষাৰ্থীক সোণৰ পদকপ্ৰদান কৰা হয় ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ - অনুদান আয়োগৰ অধ্যক্ষ ধীৰেন্দ্ৰ পাল সিং
সমাৰোহত 1275 গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে ৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ
সমাৱৰ্তন সমাৰোহতপ্ৰফেছৰ জগদীশ মুখীয়ে তেওঁৰ ভাষণত কয় যে, উচ্চ শিক্ষাই আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক বিকাশ আৰু ৰাজনৈতিক সুস্থিৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয় ৷ লগতে বিশ্ববিদ্যালয় খনত অসমীয়া ভাষাৰ বিভাগ আৰম্ভ কৰি অসমৰ ভাষা সংস্কৃতিৰ ঐতিহ্য সমৃদ্ধিৰ ক্ষেত্ৰত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ অনুষ্ঠানত মুখ্য অতিথি বিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ধীৰেন্দ্ৰ পাল সিং ৷
লগতে পঢ়ক:গুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি