ৰঙাপৰা, 14 ডিচেম্বৰ : দেওবাৰে নিশা শোণিতপুৰৰ ৰঙাপৰা জংচনত বহিঃৰাজ্যলৈ নি থকা অৱস্থাত ৰঙিয়াৰ পৰা অহা ৰে’ল বিভাগৰ অপৰাধ অনুসন্ধান শাখাই অনুসন্ধান চলাই দুজন মানৱ সৰবৰাহকাৰীক আটক কৰাৰ(Criminal Investigation Department of the Railway arrested two Human Traffickers)লগতে সাতজন লোকক উদ্ধাৰ কৰে ৷
ৰঙাপৰা জংচনত অপৰাধ অনুসন্ধান শাখাৰ অভিযান ঘটনা অনুসৰি, এক গোপন সূত্ৰৰ আধাৰত অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই ৰঙাপৰা ৰে'লৱে জংচনৰ 1 নং প্লেটফৰ্মত যাত্ৰীবাহী ৰে’লৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে দলটোক আটক কৰে ৷ আটকাধীন মানৱ সৰবৰাহকাৰী দুজন ক্ৰমে- চাৰিদুৱাৰ থানাৰ অন্তৰ্গত বুঢ়াগাঁৱৰ ৰমেশ যাদৱ আৰু ননকে বাকোলা গাঁৱৰ কালিবান এক্কা বুলি জানিব পৰা গৈছে ৷
ইফালে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা যুৱক-যুৱতীৰ দলটো ক্ৰমে বুঢ়াগাঁৱৰ ৰাহুল কৰ্মকাৰ, দীপক মুণ্ডা, লাকিৰ ওৰাং, শিৱা ওৰাং আৰু কৰণ সোণাৰ বুলি চিনাক্ত কৰা হৈছে ৷ আটাইকেইজনকে সোধ-পোছৰ অন্তত ৰঙাপৰাৰ ৰে'ল আৰক্ষীক চমজাই দিয়া যায় ৷
ৰঙাপৰাত মানৱ সৰবাহকাৰীৰ পৰা সাতজন যুৱক-যুৱতীক উদ্ধাৰ জানিব পৰা মতে, মঙলবাৰে ৰঙাপৰাৰ ৰে’ল আৰক্ষীয়ে আটকাধীন মানৱ সৰবৰাহকাৰী দুজনক তেজপুৰ আদালতলৈ প্ৰেৰণ কৰে ৷ দুজনীয়া মানল সৰবৰাহকাৰীৰ দলটোৱে যুৱক-যুৱতীসকলক গুজৰাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিল । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে (Rangapara railway Police investigation into the incident) ৷ মূলতঃ দৰিদ্ৰতাৰ সুযোগ লৈ এচাম পৰিয়ালৰ যুৱক-যুৱতীক মানৱ দেহ সৰবৰাহকাৰী চক্ৰই এনেদৰে মাজে সময়ে চাকৰি দিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে ।
লগতে পঢ়ক :Road Accident in Morigaon : সুখকৰ নহ’ল জন্মদিনৰ পাৰ্টী, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে