তেজপুৰ, ১ মে' :এইবৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটা লাভ কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ৷ বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকজনে বৰ্তমান অসমত সাংবাদিকসকলৰ অস্তিত্ব সন্দৰ্ভত মত পোষণ কৰে ৷ গৌতম শৰ্মাই ক্ষোভেৰে মন্তব্য কৰে যে, এনৰেগা আঁচনিৰ শ্ৰমিকতকৈয়ো কম মজুৰিত অসমৰ সাংবাদিকে কাম কৰি আছে ৷ গৌতম শৰ্মাই সাংবাদিক সকলৰ উচিত পাৰিতোষিক নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে এই দাবীৰ ক্ষেত্ৰত ৰাজ্যখনত এক জনমত গঠন কৰিবলৈ মফচলীয় সাংবাদিক সকলৰ প্ৰতি আহ্বান জনায় (Senior journalist Gautam Sharma) ।
উল্লেখ্য যে, শোণিতপুৰৰ সংবাদকৰ্মী সকলৰ অভিভাৱক স্বৰূপ তথা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ সিংহৰ স্মৃতি দিৱসৰ দিনটোতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ইউনিয়নৰ চৌহদত আয়োজন কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উপদেষ্টা তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে উক্ত স্মৃতিচাৰণ আৰু প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠানটি আৰম্ভ হয় (Pranab Sinha Memorial Award for the year 2023) ৷
শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সদস্য, সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, প্ৰণৱ সিংহৰ ভাই বোৱাৰী তথা অধিবক্তা দুলুমণি সিংহ, বিশিষ্ট সাহিত্যিক মাণিক বৰা, ভূৱন চন্দ্ৰ গগৈ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতী, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা জন সংযোগ বিষয়া নীনা বৰুৱাকে ধৰি অনুষ্ঠানটিৰ অতিথি আৰু সাংবাদিক সকলে পিকু মহন্তৰ ঘোষা পাঠৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰণৱ সিংহক ।