অসম

assam

ETV Bharat / state

Sela Pass Tunnel: আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা 13 হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা চেলা সুৰংগ - Border Roads Organisation

সামৰিক কৌশলৰ অংশ হিচাবে সীমান্ত অঞ্চলত যাতায়ত ব্যৱসা সুগম কৰি তোলাৰ বাবে কাম কৰি আহিছে বি আৰ অ’ চমুকৈ ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনে ৷ সম্প্ৰতি অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ নিৰ্মাণ কৰি থকা হৈছে চেলা টানেল বা সুৰংগ ৷ এই সন্দৰ্ভত সৱিশেষ এই প্ৰতিবেদনত ৷

Sela Pass Tunnel
Sela Pass Tunnel

By

Published : Jul 14, 2023, 7:31 PM IST

Updated : Jul 14, 2023, 8:19 PM IST

ব্ৰিগেডিয়াৰ ৰমন কুমাৰ এছ ভিৰ সৈতে সাক্ষাৎকাৰ

তেজপুৰ, 14 জুলাই: উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত 13,000 ফুট উচ্চতাৰ চেলা পাছ (Sela Pass Tunnel) সুৰংগ । অতি উচ্চতাৰ দ্বি-লেন যুক্ত সুৰংগ মুকলি হ’লে গ্ৰিনিউজ ৱৰ্ল্ড ৰেকৰ্ডত সংযুক্ত হ’ব ।

ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্তকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰ এছ ভি য়ে কয় যে অহা আগষ্ট মাহৰ মাজ ভাগত এই সুৰংগৰ দেশৰ বাবে উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে ।

প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত অত্যন্ত বৰষুণৰ বাবে পথৰ সংলগ্নকৈ ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছে । পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টা আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে এই চেলা সুৰংগ ।

ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ (Border Roads Organisation) তেজপুৰস্থিত প্ৰজেক্ট ভৰ্তকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰ এছ ভিয়ে সাক্ষাৎকাৰত কয় যে যথেষ্ট কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলি আছে (Sela Pass Tunnel) । তেওঁ কয় যে সাগৰ পৃষ্ঠাৰ পৰা 13,000 ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ ।

প্ৰকল্পটোত ৪৭৫ মিটাৰ আৰু ১৭৯০ মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগ থাকিব যিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ দিৰাঙৰ পৰা টাৱাংলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব। প্ৰকল্পটোত 1,790 মিটাৰ আৰু 475 মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগৰ লগতে 980 মিটাৰ এস্কেপ টিউব প্ৰদান কৰা হৈছে।

সুৰংগৰ ভিতৰত থাকিব অত্যাধুনিক লাইট, চিচি কেমেৰা আৰু প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি ।

সীমান্ত পথ সুৰক্ষা সংস্থা ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালকে 2021 চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰৰ সংযোগ প্ৰদান কৰাৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল তেওঁৰ ইটানগৰ ভ্ৰমণৰ সময়ত ।

সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত হৈছিল । আনহাতে একে পথত নেচিফু সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে । মুঠ 500মিটাৰ দীঘল এই সুৰংগ চেঁচা আৰু জিৰ’ পইণ্টৰ মাজত সঘনাই সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে নিৰ্মাণ কৰা হৈছে ।

ঘন ডাঠ কুঁৱলীৰ বাবে যান-বাহনৰ চলাচল কৰাত সেনা বাহিনীৰ লগতে পৰ্যটকৰ বাবে সকলো সময়তে অসুবিধা সন্মুখীন হ’ব লগা হয় । লগতে বৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট ভৰ্তকৰ অধীনত ভাৰত ভূটান সীমান্তৰ দুখন অতি গুৰুত্বপূৰ্ণ দলং নিৰ্মান কৰি সম্পূৰ্ণ কৰিছে বিজয় মাৰুটি আৰু ভৈৰবকুণ্ড । এই দুয়োখন দলঙে ওৰাং আৰু কালেটাং সংযুক্ত হৈছে আৰু যি কোনো মুহূৰ্তত ৰাইজৰ বাবে উৎসৰ্গিত কৰিব বুলি ব্ৰিগেডিয়েৰ ৰমন কুমাৰ এছ ভি য়ে কয় ।

লগতে পঢ়ক:PM Modi address Indians in France : মই সংকল্প লৈ ফ্ৰান্সলৈ আহিছো ; প্ৰধানমন্ত্ৰী মোডী

Last Updated : Jul 14, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details