তেজপুৰ, 25 এপ্ৰিল : নাগালেণ্ডৰ পেৰেন জিলাৰ আথিবুঙৰ জেনেৰেল হাস্পতাল কলনিৰ সমীপৰ পৰা 23 এপ্ৰিলত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই নিকি চুমি গ্ৰুপৰ এজন কেডাৰক আটক কৰে । গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত আটক হোৱা কেডাৰজনৰ পৰা নিৰাপত্তাবাহিনীয়ে এটা পইন্ট 32 পিস্তল, মেগজিন, দুই ৰাউণ্ড পইন্ট 32 পিস্তলৰ সক্ৰিয় গুলী আৰু এটা মোবাইল উদ্ধাৰ কৰিছে ৷ ইফালে অভিযানত আটক হোৱা লোকজনক পৰৱৰ্তী অনুসন্ধানৰ বাবে পেৰেন জিলাৰ আথিবুং আৰক্ষী থানাক হস্তান্তৰ কৰা হৈছে ৷
নাগালেণ্ডত অস্ত্ৰসহ আটক নিকি চুমি গ্ৰুপৰ কেডাৰ - স্পিয়াৰ কৰ্পৰ
নাগালেণ্ডৰ পেৰেন জিলাত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক নিকি চুমি গ্ৰুপৰ এজন কেডাৰ ৷ কেডাৰজনৰ পৰা নিৰাপত্তাবাহিনীয়ে উদ্ধাৰ কৰিছে এটা পইন্ট 32 পিস্তল, মেগজিন, দুই ৰাউণ্ড পইন্ট 32 পিস্তলৰ সক্ৰিয় গুলী আৰু এটা মোবাইল ৷
নাগালেণ্ডত অস্ত্ৰসহ আটক নিকি চুমি গ্ৰুপৰ কেডাৰ
আনহাতে, মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ কামজঙত আন এটা অভিযানত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে ৷ এগৰাকী প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰে এই কথা ৷ মুখপাত্ৰগৰাকীয়ে কয় যে, এক সুপৰিকল্পিত আৰু কাৰ্যকৰী অভিযানত স্পিয়াৰ কৰ্পৰ আই জি এ আৰ (দক্ষিণ)ৰ অধীনত নিৰাপত্তা বাহিনীয়ে ২৪ এপ্ৰিলত ইণ্ডো-ম্যানমাৰ সীমান্তত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে ।