অসম

assam

ETV Bharat / state

Manipur crisis : ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তা বৃদ্ধি; মণিপুৰৰ আকাশত মানৱ বিহীন বিমান - Aerial surveillance UAVs on Myanmar border

ভাৰত ম্যানমাৰ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে (Indo Myanmar border)। মানৱ বিহীন বিমান আৰু সেনাৰ হেলিকপ্টাৰে প্ৰতিটো সময়তে নিৰীক্ষণ কৰি আছে সীমান্ত । মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত নিৰাপত্তা বাহিনীৰ ।

Manipur crisis
মণিপুৰৰ আকাশত মানৱ বিহীন বিমান

By

Published : May 6, 2023, 6:18 PM IST

তেজপুৰ ,৬ মে' :মণিপুৰৰ হিংসাত্মক ঘটনাৰ ৪ দিন অতিক্ৰম কৰিছে (Manipur crisis)। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাইছে । তাৰ মাজতে এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । সূত্ৰৰ মতে সীমান্তত বাহৰ পাতিছে মণিপুৰৰ বিদ্ৰোহী সংগঠনে (Insurgent Groups in Indo Myanmar Border)। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰৰ মতে, সীমান্তত বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ নিৰীক্ষণৰ বাবে ম্যানমাৰ সীমান্তত আকাশী নিৰীক্ষণ অৰ্থাৎ মানৱবিহীন বিমান বৃদ্ধি কৰিছে ।

মণিপুৰত চলি থকা সংকটৰ ফলত আন এক নতুন নিৰাপত্তাজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । কিয়নো মণিপুৰৰ স্থানীয় বিদ্ৰোহী গোটসমূহে ইণ্ডো ম্যানমাৰ সীমান্তৰ শিবিৰত অৱস্থান কৰি আছে । প্ৰতিৰক্ষা বিভাগৰ সূত্ৰৰ মতে ই মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে চলি থকা বৃহৎ প্ৰচেষ্টাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে । মণিপুৰৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ বাবে বিদ্ৰোহী সংগঠনসমূহে ইন্ধন যোগাব পাৰে !

অৱশ্যে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে । লগতে নিৰাপত্তা বাহিনীয়েও সক্ৰিয়ভাৱে এনে পৰিস্থিতি সমাধানৰ চেষ্টা চলাই আছে । বিদ্ৰোহী সংগঠনৰ গোটবোৰৰ জঘন্য অভিপ্ৰায়বোৰ বিফল কৰিবলৈ কোনো ধৰণৰ ত্ৰুটি ৰখা নাই সেনা আৰু নিৰাপত্তা বাহিনীয়ে । তাৰ মাজতে গ্ৰাউণ্ড জিৰ'ত থকা অসম ৰাইফলছে ২৪ ঘণ্টাই সতৰ্কতা অৱলম্বন কৰাৰ লগতে সীমান্ত নিৰীক্ষণ বৃদ্ধি কৰিছে (Indo Myanmar border)।

মণিপুৰত আকাশী নিৰীক্ষণৰ বাবে মানৱবিহীন বিমান ইউএভি আৰু সেনাৰ হেলিকপ্টাৰ আৱণ্টন কৰা হৈছে (Aerial surveillance UAVs on Myanmar border)। মণিপুৰত পুৱাৰ পৰাই সেনাই চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰি একাধিক ৰাউণ্ড এৰিয়েল চাৰ্ভিলেঞ্চ পৰিচালনা কৰিছে । এনেধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে সমন্বয়ৰে কাম কৰা সেনা আৰু অসম ৰাইফলছে অতি সোনকালে মণিপুৰৰ বৰ্তমানৰ অস্থিৰতা দূৰ কৰিব বুলি আশা কৰা হৈছে ।

প্ৰতিৰক্ষা বিভাগৰ একবিবৃতি অনুসৰি প্ৰশাসনৰ লগতে সেনা, অসম ৰাইফলছ আৰু বায়ুসেনাই মণিপুৰত আইন-শৃংখলা পৰিস্থিতিৰ পুনৰুদ্ধাৰৰ বাবে নিবিচ্ছিন্নভাৱে কাম কৰিছে । নিৰাপত্তা বাহিনীৰ তৎপৰতাৰ বাবে হিংসাত্মক পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ সকলো নাগৰিকক উদ্ধাৰ কৰা সম্ভৱপৰ হৈছে ।

লগতে পঢ়ক :Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

ABOUT THE AUTHOR

...view details