অসম

assam

ETV Bharat / state

তেজপুৰত শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ বিদ্যালয় পৰিদৰ্শন - Bharat Bhushan Dev Chaudhary visits various schools in Sonitpur

তেজপুৰত আয়োজিত দুদিনীয়া ‌উপায়ুক্ত অধিবেশনত ভাগ লোৱাৰ অন্তত জিলাখনৰ একাংশ চাহ বাগিছাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহ পৰিদৰ্শন কৰে মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰীয়ে (Secondary Education Department Secretary Bharat Bhushan Dev Chaudhary)।

Bharat Bhushan Dev Chaudhary visits various schools in Sonitpur
তেজপুৰত শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ বিদ্যালয় পৰিদৰ্শন

By

Published : Jun 14, 2022, 10:05 PM IST

তেজপুৰ,১৪ জুন: শোণিতপুৰত শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন(Education Secretary visits various schools in Sonitpur) । তেজপুৰত আয়োজন হোৱা‌ দুদিনীয়া ‌উপায়ুক্তৰ অধিবেশনত ভাগ লোৱাৰ অন্তত ৰাজ্যৰ শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পৰিদৰ্শন কৰিলে বিদ্যালয়সমূহ ৷ ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে শুভাৰম্ভ কৰা চাহ বাগিছাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ কেইখনমান বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতো কৰিলে বাৰ্তালাপ ।

তেজপুৰত শিক্ষা সচিব ভাৰত ভূষণ দেৱ চৌধুৰীৰ বিদ্যালয় পৰিদৰ্শন

ছাত্ৰ ছাত্ৰীসকলে বিষয়াগৰাকীৰ আগত মনৰ কথাবোৰ মুকলি ভাৱে ব্যক্ত কৰাৰ সুযোগ পাই হ’ল অনুপ্ৰাণিত । নিজৰ মবাইল নম্বৰটো ছাত্ৰ ছাত্ৰীসকলক বিলাই দিয়াৰ লগতে যি কোনো সমস্যাৰ বাবে তেওঁৰ লগত যোগাযোগ কৰিবলৈ জনালে আহ্বান । উল্লেখ্য যে তেজপুৰৰ উপায়ুক্তৰ সন্মিলনত সকলো উপায়ুক্তকে সঘনাই বিদ্যালয়সমূহ পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

পৰিদৰ্শনৰ সময়ত শিক্ষা সচিব গৰাকীয়ে সকলো শিক্ষক-শিক্ষয়িত্ৰীকে আন্তৰিকতাৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিবৰ বাবে আহ্বান জনাই সচিবগৰাকীয়ে ।

লগতে পঢ়ক:ভাইৰেল ভিডিঅ’: মুষলধাৰ বৰষুণৰ পিছত ৰাজপথত মাছৰ উজান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details