তেজপুৰ, ১০ ডিচেম্বৰ : তেজপুৰ সাহিত্য উৎসৱ-২০২২ৰ(Tezpur Sahitya Utsav 2022) শনিবাৰে দ্বিতীয় দিনটো বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে বিশেষ আলাপ আৰু নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলাপ অনুষ্ঠানৰ লগতে সাতখনকৈ গ্ৰন্থ উন্মোচনৰে মনোজ্ঞ হৈ পৰে ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট গল্পকাৰ ড৹ সঞ্জীৱ পল ডেকাই আঁত ধৰা ‘সাম্প্ৰতিক অসমীয়া সাহিত্যৰ গতিপথ’ শীৰ্ষক মনোজ্ঞ আলোচনাত শৱ কটা মানুহৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি(Yeshe Dorje Thongchi), বিশিষ্ট সাহিত্য সমালোচক, সাহিত্যিক অৰিন্দম বৰকটকী, নাং অজন্তা বুঢ়াগোহাঁই আৰু ড৹ মৌচুমী বৰকটকীয়ে ভাগ লয় ৷
এই নিৰ্দিষ্ট বিষয়ৰ আলোচনাত বিশিষ্ট লেখিকা ড৹ মৌচুমী বৰকটকীয়ে(Dr Mousumi Borkotoky) পদাৰ্থ বিজ্ঞানৰ নিয়মেৰে পদাৰ্থ এবিধৰ ওজনৰ যিকোন স্থান বা কালত তাৰতম্য নঘটে কিন্তু সাহিত্যৰ মূল্যায়নৰ ওজন স্থান-কাল-পাত্ৰ ভেদে সুকীয়া হ'ব পাৰে বুলি মন্তব্য কৰে ৷ কংক্ৰিটৰ সমাজ ব্যৱস্থাৰ মাজতো সাম্প্ৰতিক সাহিত্যৰ মাজত প্ৰেম, নাৰী-পুৰুষৰ সম্পৰ্ক, দেহজ প্ৰেম আদি উপজীব্য হিচাবে ধৰা দিছে বুলি মন্তব্য কৰে ড৹ মৌচুমী বৰকটকীয়ে ৷
আনহাতে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে সাহিত্যৰ সৃষ্টি বৰ্তমানৰ ভেঁটিত প্ৰতিষ্ঠিত বুলি কৈ সাহিত্যৰ সৃষ্টিৰ মাজেৰে সাহিত্যিকগৰাকীয়ে বৰ্তমানৰ প্ৰতিচ্ছবিকেই প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰে ৷ ঠংচিয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জীয়েই সাহিত্যিকৰ প্ৰথম আকৰ্ষণ বুলি কৈ বুৰঞ্জীৰ পটভূমিতে অসমীয়া সাহিত্যৰ আধুনিক যুগটোৰ সাহিত্য সৃষ্টি হোৱা বুলি মন্তব্য কৰে ৷ তেজপুৰৰ এই সাহিত্য উৎসৱ কেৱল তেজপুৰৰ বাবেই প্ৰথম নহয়, অসমৰ ভিতৰতে প্ৰথম বুলি মন্তব্য কৰি আয়োজক সমিতিক ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায় ।
আনহাতে সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰগতিশীল লেখক, সমালোচক অৰিন্দম বৰকটকীয়ে সাম্প্ৰতিক অসমীয়া সাহিত্য সমাজৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰে । আনহাতে অসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপা আৰু ভূমিৰ সৈতে সংলগ্ন হৈ আছে বুলিও মন্তব্য কৰে ৷
বন্দীয়াৰ, মজিয়াত তেজ, হৃদয় এক বিজ্ঞাপন, ইয়াত এখন অৰণ্য আছিল, জলছবি আদি গল্প-উপন্যাসত সমস্যা জৰ্জৰিত সামাজখনৰ জিয়া ছবি প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰি অৰিন্দম বৰকটকীয়ে কয় যে, সমস্যা জৰ্জৰিত সমাজ এখনৰ পৰাহে মহিমামণ্ডিত সাহিত্যৰ সৃষ্টি হয়৷ আনহাতে পাঠকে পুৰস্কাৰ পোৱাৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰন্থ নিৰ্বাচন কৰাতকৈ উৎকৃষ্টতাৰ পটভূমিত নিৰ্বাচন কৰাটোহে শ্ৰেয় বুলিও তেওঁ মন্তব্য কৰে ৷
অনুৰাধা শৰ্মা পুজাৰীৰ মেৰেংখনে পুৰস্কাৰ নাপালেও এই উপন্যাসখন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এখন ক্লাছিক গ্ৰন্থ বুলি কয় অৰিন্দম বৰকটকীয়ে ৷ আন এগৰাকী বিশিষ্টা লেখিকা নাং অজন্তা বৰগোঁহায়ে জোনাকী যুগত আৰম্ভ হোৱা আধুনিক অসমীয়া সাহিত্য বৰ্তমানৰ শক্তিশালী লেখক-লেখিকা অনুৰাধা শৰ্মা পূজাৰী, য়েছে দৰজি ঠংচি, অৰূপা পটঙ্গীয়া কলিতা আদি বিভিন্নজন মহীৰূঢ়ৰ হাতত পৰি বিশাল আয়তন লাভ কৰিছে বুলি মন্তব্য কৰে ।
উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা লেখিকা ড৹ চাৰু চহৰীয়া নাথৰ সৈতে হোৱা এক বিশেষ আলাপ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে অসম আন্দোলনৰ চাক্ষুস অভিজ্ঞতাই অসমৰ আত্মাক পৰিচয় কৰাই দিছিল বুলি মন্তব্য কৰি তেওঁৰ অতি জনপ্ৰিয় গল্প No man's land গল্পটোৰ অন্তৰ্নিহিত অৰ্থ সম্পৰ্কে ব্যাখ্যা কৰে ।
সাংবাদ জগতখন পূৰ্বৰে পৰাই পুৰুষ প্ৰধান আছিল বুলিও মন্তব্য কৰে ড৹ চাৰু চহৰীয়া নাথে ৷ অসমীয়া প্ৰতিদিন গোষ্ঠীৰ কাকতৰ সম্পাদক হোৱাৰ সময়ত পুৰুষ প্ৰধান জগতখনৰ সৈতে সন্মুখীন হোৱা আহুকলীয়া ঘটনাৰ বিষয়ে বিশদভাবে বৰ্ণনা কৰি মামণি ৰয়চম গোস্বামীয়ে চিঠিৰ যোগেদি দিয়া উৎসাহনৰ বিষয়ে উল্লেখ কৰে ড৹ চাৰু চহৰীয়া নাথে৷
আনহাতে প্ৰশ্নোত্তৰ শিতানত বিভিন্ন শিক্ষাৰ্থী প্ৰশ্নকৰ্তাৰ উত্তৰ দি বৰ্তমানৰ চিকিৎসা বৃত্তিৰ স্বৰূপৰ সম্বন্ধে দৃষ্টিপাত কৰি বৰ্তমানৰ চিকিৎসা বৃত্তি মানৱ সেৱা পবিত্ৰ চেতনাৰ পৰা বিতাড়িত হৈ কেৱল মাত্ৰ অৰ্থোপাৰ্জনৰ এক আহিলা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
আনহাতে শনিবাৰে দিনটোতে বিশেষভাৱে সক্ষম তথা সাম্প্ৰতিক সময়ৰ যুৱপ্ৰজন্মৰ অতি জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ৰূপালী দৈমাৰীৰে হোৱা এক বিশেষ আলাপ অনুষ্ঠানত উদীয়মান জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ২০০৭ চনৰ পৰাই ধাৰাবাহিকভাৱে লেখা-মেলা কৰাৰ ক্ষেত্ৰত বিভিন্নজন বিশিষ্ট সাহিত্যিকৰ লগতে বিশেষকৈ প্ৰয়াত বৰেণ্য সাহিত্যিক হোমেন বৰগোহাঞিৰ পৰা বিশেষ অনুপ্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰে ।
ৰূপালী দৈমাৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁৰ লেখাৰ উৎস সম্পৰ্কেও সদৰী কৰি যিখন দেশত সাহিত্যৰ উৎসৱ পতা হয় সেইখন দেশৰ সকলো ক্ষেত্ৰতে বিকাশ সম্ভৱ বুলিও মন্তব্য কৰে । ইয়াৰ পাছতেই বিশিষ্ট লেখিকা তথা আয়োজন সমিতিৰ যুটীয়া সম্পাদক ড৹ শ্বৰিতা শৰ্মা আৰু আন এগৰাকী যুটীয়া সম্পাদক বিক্ৰম কলিতাৰ সৈতে অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ লেখিকা, পদ্মশ্ৰী মামং দাইৰ সৈতে হোৱা এক বিশেষ অন্তৰংগ অনুষ্ঠানত প্ৰসিদ্ধ লেখিকাগৰাকীয়ে সাহিত্যিক জীৱনৰ বহু কথা সদৰী কৰাৰ লগতে আন এক মনোজ্ঞ পেনেল ডিছকাছনত ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া তথা ৰাজ্যখনৰ প্ৰখ্যাত কুইজ পৰিচালক ৰবীন কলিতাৰ লগত বিশিষ্ট সাহিত্যিক মিত্ৰা ফুকনৰ অন্তৰংগ অনুষ্ঠানতো সাহিত্য সম্পৰ্কীয় বিভিন্ন দিশেৰে জীপাল হৈ পৰে গ্ৰন্থ উৎসৱৰ মূল প্ৰেক্ষাগৃহ ।
উল্লেখ্য যে, আজি দ্বিতীয় দিনটোত প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে থংচি, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক হিমেন শৰ্মাই সাহিত্য উৎসৱৰ থলীতে সাতখনকৈ গ্ৰন্থ উন্মোচন কৰে । উন্মোচিত হোৱা গ্ৰন্থ কেইখন হ'ল ক্ৰমে- ড৹ ভাৰত বৰুৱাৰ ‘তেজপুৰৰ ঐতিহাসিক-সামাজিক আৰু সাংস্কৃতিক অধ্যয়ন’, ৰাণু হাজৰিকাৰ ‘ডায়েৰীৰ পৃষ্ঠাত অসম আন্দোলন’, ৰুণা বৰাৰ প্ৰবন্ধ সংকলন ‘প্ৰবন্ধ প্ৰসূন’, ড৹ শ্যামলীমা শইকীয়াৰ ইংৰাজী কাব্যগ্ৰন্থ ‘পেপাৰ মাচে ড্ৰিমছ’, মনোজ কে বাৰ্মাৰ ইংৰাজী গ্ৰন্থ ‘ব্ৰকেন চৌলছ জাৰ্নী’ আৰু শিশু লক্ষ্যজয় কলিতাৰ ইংৰাজী গ্ৰন্থ ‘এডভাঞ্চাৰচ্ অব পিম্পল পাঈ’।
ইয়াৰোপৰি বিয়লিৰ ভাগত ‘লিটাৰেচাৰ ইন টাইমছ অব্ ক্ৰাইচিচ’ শীৰ্ষক মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ধ্ৰুৱজ্যোতি হাজৰিকা, মিত্ৰা ফুকন, জেনিছ পাৰিয়েট আৰু অন্তৰ আত্ৰেয়ই অংশ গ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰখ্যাত কাৰ্টুনিষ্ট পংকজ থাপাই ‘কনটেমপৰেৰী টাইমচ্ থ্ৰ’ কাৰ্টুন’ শীৰ্ষক বিষয়ত কাৰ্টুনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।
লগতে পঢ়ক :Minister Chandra Mohan Patowary : ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে