অসম

assam

ETV Bharat / state

ক'ত হেৰাল বায়ুসেনাৰ AN 32ৰ বিমান ? - Search Operation

সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা ভাৰতীয় বায়ু সেনাৰ বিমান AN 32ৰ উদ্ধাৰ অভিযানে চতুৰ্থ দিনত ভৰি দিছে ৷ বৃহস্পতিবাৰে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে আনমেনদ এৰিয়েল ভেহিকল অৰ্থাৎ ইউ এ ভি ৷ সেনাৰ বিশেষ বল পেৰা ৰেজিমেন্টে ইউ এ ভিৰ সহায়ত এই চলাইছে উদ্ধাৰ অভিযান ৷

মেচুকাত AN 32

By

Published : Jun 6, 2019, 5:43 PM IST

নিউজ ডেস্ক, 6 জুনঃ যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ বুলি উৰা মৰা ভাৰতীয় বায়ু সেনাৰ AN 32 বিমানখনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে সেনা তথা উদ্ধাৰকাৰী বাহিনী ৷ প্ৰতিকূল বতৰৰ বাবেই চতুৰ্থ দিনাও ব্যৰ্থ হৈছে উদ্ধাৰকাৰী বাহিনী ৷

ইতিমধ্যেই উদ্ধাৰকাৰী বাহিনীয়ে অভিযানত ব্যৱহাৰ কৰিছে পি 8এল, ছুখই, হাৰকুলিছ আৰু মিগ 17কে ধৰি এ এল এইচ হেলিকপ্টাৰ ৷ ইয়াৰ উপৰিও মঙলবাৰৰ পৰাই অসম-অৰুণাচলৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰি ৰাখিছে ইছৰোৰ ক্ৰিছাট আৰু ৰিছাট উপগ্ৰহই ৷ উন্নত প্ৰযুক্তিৰে উদ্ধাৰ অভিযান চলালেও প্ৰতিকূল বতৰে হেঙাৰ হৈ দেখা দিছে নিৰুদ্দিষ্ট বিমানখনৰ সন্ধান উলিওৱাত ৷

আৰু পঢ়কঃ চতুৰ্থ দিনাও AN 32 উদ্ধাৰ অভিযান অব্যাহত

চতুৰ্থ দিনাৰ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে সেনাৰ বিশেষ বাহিনী ৷ বিশেষ বাহিনীয়ে ট্ৰেকাৰ ডগ আৰু ইউ এ ভি ব্যৱহাৰ কৰি বৰ্তমানে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ অৱশ্যে প্ৰতিকূল বতৰে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি কৰিছে যদিও নিশাৰ ভাগলৈ এই অভিযান চলি থাকিব বুলি জনাইছে সেনাৰ শীৰ্ষ সূত্ৰই ৷

ABOUT THE AUTHOR

...view details