অসম

assam

ETV Bharat / state

AN 32 সন্ধানঃ সাতদিনেও সন্ধান নাই বায়ুসেনাৰ অভিশপ্ত নিৰুদ্দিষ্ট বিমানৰ - ITBP

বিগত সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ভাৰতীয় বায়ু সেনাৰ AN 32 বিমানৰ বৰ্তমানেও সন্ধান ওলোৱা নাই ৷ সেনাবাহিনীৰ লগতে ইছৰোৰ উপগ্ৰহও ব্যৰ্থ হৈ পৰিছে অভিশপ্ত বিমানখনৰ সন্ধান উলিওৱাত ৷ শেহতীয়াকৈ উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে অৰুণাচলৰ স্থানীয় জনতাই ৷

AN 32 সন্ধানঃ উদ্ধাৰকাৰী বাহিনীক সহযোগ স্থানীয় জনতাৰ

By

Published : Jun 9, 2019, 8:44 PM IST

তেজপুৰ, 9 জুনঃ বিগত সোমবাৰৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা ভাৰতীয় বায়ু সেনাৰ বিমান AN 32ৰ আজি সাতদিনৰ পিচটো সন্ধান ওলোৱা নাই ৷ যোৰহাট বায়ু সেনা চাউনীৰ পৰা অৰুণাচলৰ মেচুকালৈ বুলি উৰা মৰা বিমানখনে আদবাটতে সংযোগ বিহীন হৈ আজিলৈ নিৰুদ্দেশ হৈ আছে ৷

অধিক পঢ়কঃ বায়ু সেনাৰ বিমান ট্ৰেজেদীঃ ক'ত আৰু কেনেকৈ সন্ধানহীন হ'ল AN 32 বিমানখন

বিমানখনৰ উদ্ধাৰকাৰ্যত বায়ুসেনা, নৌসেনা আৰু স্থলসেনাৰ উন্নত বিমানৰ লগতে হেলিকপ্টাৰ তথা কোৱাডকপ্টাৰৰ লগতে ইছৰোৰ উপগ্ৰহও ব্যৱহাৰ কৰা হৈছিল যদিও সকলো ব্যৰ্থ হৈছে ৷ আনহাতে সেনাৰ উদ্ধাৰকাৰী দলক সহযোগ কৰিছে আইটিবিপিৰ লগতে অৰুণাচল আৰক্ষীৰ দলেও ৷ সপ্তম দিনত ভৰি দিয়া উদ্ধাৰ অভিযানত প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে যদিও উদ্ধাৰকাৰী বাহিনীৰ সৈতে বিমানখনৰ সন্ধানত নামি পৰে একাংশ স্থানীয় লোক ৷ ইতিমধ্যে বায়ুসেনাই বিমানখনৰ লগতে বিমানখনত থকা তেৰগৰাকী বায়ুসেনাৰ সন্ধান দিওঁতালৈ পাঁচ লাখ টকাৰ লগতে অৰুণাচল চৰকাৰেও পঞ্চাশ হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷

AN 32 সন্ধানঃ উদ্ধাৰকাৰী বাহিনীক সহযোগ স্থানীয় জনতাৰ

ৰাজ্যখনৰ কায়ং আৰু মেচুকা পাহাৰৰ মাজত আজি বায়ু সেনাই অভিযান চলায় যদিও ব্যৰ্থ হৈ উভটে বায়ুসেনাৰ হেলিকপ্টাৰ ৷ আনহাতে স্থানীয় ৰাইজৰ তিনি-চাৰিজনীয়া কেইবাটাও দলে দৰজিলিং নামৰ ঠাইত অভিযানৰ বাবে নামি পৰিছে ৷ মেচুকাৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ দুৰত্বত থকা চীন সীমান্তৰ নিকটৱৰ্তী বৰফেৰে আবৃত এই পাহাৰতে বায়ু সেনাৰ বিমানখন ধ্বংসপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ উপৰিও মেচুকাৰ পৰা লামাং আৰু জৰলুং অঞ্চলটো স্থানীয় চিকাৰীয়ে বিমানখনৰ সন্ধান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details