তেজপুৰ, 3 অক্টোবৰঃ যিসময়ত অসম চৰকাৰে শিল্পীসকলৰ বাবে এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছে, সেই সময়তেই একাংশ শিল্পীয়ে অৰ্থৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ৷ তাৰে এক জলন্ত উদাহৰণ হ’ল তেজপুৰ কলিবাৰীৰ ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাস ৷ 1953 চনত তেজপুৰ কলিবাৰীত জন্ম গ্ৰহণ কৰিছিল শিল্পী জয় চন্দ্ৰ দাসে ৷ তেখেতে প্ৰখ্যাত ভাস্কৰ্য শিল্পী লম্বোদৰ বৰাৰ পৰা এই বিদ্যা গ্ৰহণ কৰি গুৰুৰ সৈতে মিলি একেলগে নিৰ্মাণ কৰিছিল উলিয়াইছিল তেজপুৰ ঐতিহাসিক ত্ৰিবেণী চিনেমা হ’লৰ সন্মুখৰ কাৰুকার্য ৷
নটসূৰ্য ফণী শৰ্মা,বিষ্ণুপ্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা,সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ উপৰিও শোণিতপুৰৰ কেইবাটাও নামঘৰৰ মূৰ্তিও নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী জয় চন্দ্ৰ দাসে ৷ সম্প্ৰতি তেখেতৰ ঘৰৰ চৌহদতে পৰিত্যক্ত হৈ ৰৈছে আদিবাসী সম্প্ৰদায়ৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি ৷ মূৰ্তি নিৰ্মাণৰ কাম সম্পন্ন হ’ল যদিও চৰকাৰে মূৰ্তি স্থাপনৰ বাবে ভূমি আৱন্টন নিদিয়াত এনেদৰেই ঘৰৰ চৌহদতে জহি খহি গৈছে প্ৰতিমূৰ্তিটো ৷