অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে - ETV BHARAT ASSAM

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰে অভিলেখ গঢ়াৰ দিশে শাসনাধিস্থ বিজেপি চৰকাৰ ৷ চৰকাৰী কৰ্মচাৰীক বছৰত এযোৰকৈ খাদী কাপোৰ যোগান ধৰিম বুলি কথা দি কথা ৰাখিব নোৱাৰা চৰকাৰে খন এইবাৰ ব্যৰ্থ হৈছে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইউনিৰ্ফম যোগনা ধৰাত ৷

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে

By

Published : Jun 11, 2019, 2:14 PM IST

বালিপাৰা, 11 জুনঃ সময়ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাত ব্যৰ্থ হোৱা চৰকাৰ খন এইবাৰ ব্যৰ্থ হৈছে শিক্ষাৰ্থীক বিনামূলীয় ইউনিৰ্ফম যোগানত ৷ ২০১৯ শিক্ষাবৰ্ষৰ ছমাহ অতিক্ৰম হোৱাৰ পথত যদিও ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানে এইপৰ্যন্ত লাভ কৰা নাই বিনামূলীয় ইউনিৰ্ফম ৷

প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ জিলাৰ বালিপৰা শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজিলৈকে লাভ নকৰিলে চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া সাজ পোছাক । যি সময়ত চৰকাৰখনে চৰকাৰী আঁচনি সমুহৰ স্বচ্ছ, নিকা আৰু ক্ষিপ্ৰ ৰূপায়ণ কৰাৰ কথা কৈ আহিছে সেই সময়তেই শিক্ষা বিভাগৰ এনে কাণ্ডই প্ৰমান কৰিছে চৰকাৰৰ ব্যৰ্থতা ৷

শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-ছাত্ৰীয়ে

একাংশ অভিভাৱক তথা শিক্ষকৰ অভিযোগ যে, শিক্ষামন্ত্ৰী হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিভাগটোত উন্নয়নৰ পৰিৱৰ্তে কেৱল ন ন নীতি-নিয়ম বলবৎ কৰিয়েই দ্বায়িত্ব সামৰিছে । উল্লেখ্য যে, বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আজিলৈকে চৰকাৰী বিনামূলীয় সাজ-পোছাক প্ৰদান নকৰাত অভিভাৱকসকলে বজাৰৰ পৰা পোছাক ক্ৰয় কৰিবলৈ বাধ্য হৈছে । ইমানেই নহয়, ৰঙাপৰাত ছাত্ৰ-ছাত্ৰী সকলে পুৰণা সাজ-পোছাক পৰিধান কৰাৰ বিপৰীতে আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা পোছাক পিন্ধিয়েই বিদ্যালয়লৈ যাবলৈ বাধ্য হৈছে ।

ABOUT THE AUTHOR

...view details