অসম

assam

ETV Bharat / state

তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে জিলা উপায়ক্তৰ কাৰ্যালয় - তেজপুৰতো আয়োজন কৰা বিশেষ অনুষ্ঠান

তেজপুৰত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰে জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত হোৱা পেৰডত চৰকাৰী বিদ্যালয়ক অৱজ্ঞা কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক পুৰষ্কাৰ প্ৰদান কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰে উপায়ক্তৰ কাৰ্যালয় ৷

School student protest after taking R - Day Parade in front Sonitpur DC office
তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও জিলা উপায়ক্তৰ কাৰ্যালয়

By

Published : Jan 26, 2020, 11:30 PM IST

তেজপুৰ, ২৬ জানুৱাৰী :আজি দেশৰ লগতে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় 71সংখ্যক গণৰাজ্য দিৱস ৷ এই গণৰাজ্য দিৱস উপলক্ষে তেজপুৰতো আয়োজন কৰা হৈছিল পেৰেড ৷ পেৰেডত অংশ গ্ৰহণ কৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰে জিলা উপায়ুক্তৰ কাৰ্যালয় ৷

তেজপুৰত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও জিলা উপায়ক্তৰ কাৰ্যালয়

ঘটনা অনুসৰি,তেজপুৰত গণৰাজ্য দিৱস উপলক্ষে পেৰেডত অংশগ্ৰহণ কৰিছিল বহু চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু পেৰেডত অংশ্ৰহণ কৰা একাংশ চৰকাৰী ছাত্ৰ-ছাত্ৰীৰ অভিযোগ পেৰেডত প্ৰতিবছৰে চৰকাৰী বিদ্যালয়ক বঞ্চিত কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক বুজাবুজিৰে পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে জিলা প্ৰশাসনে ৷ যাৰ বাবে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে কান্দি-কান্দি ঘেৰাও কৰে জিলা উপায়ক্তৰ কাৰ্যালয় ৷

অন্য এক খবৰৰ বাবে : দৰঙত ভতিজাকে হত্যা কৰিলে খুৰীয়েকক

ছাত্ৰ-ছাত্ৰীসকলৰ মন্তব্য অনুসৰি, প্ৰতি বছৰৰ দৰে এই বছৰো চৰকাৰী বিদ্যালয়ক অৱহেলা কৰি তেজপুৰ জিলাৰ এখন ব্যক্তিগত খণ্ডৰ কন্যা বিদ্যালয় তেজপুৰ কণ্ভেন্টক পুৰষ্কাৰেৰে পুৰষ্কিত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details