ৰঙাপৰা , 3 ডিচেম্বৰ :শোণিতপুৰৰ ৰঙাপৰাৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হয় এক অগ্নিকাণ্ড (School set on fire) । বৃহস্পতিবাৰে সন্ধিয়া ৰঙাপৰাৰ চন্দ্ৰপ্ৰভা স্মৃতি হিন্দী বিদ্যালয়ৰ মধ্য ইংৰাজী শাখাৰ কাৰ্যালয়ত কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰে এই অগ্নিকাণ্ড ৷
ঘটনা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া কাৰ্যালয়ৰ ভিতৰত জুই প্ৰত্যক্ষ কৰি লগে লগে অঞ্চলটোৰ স্থানীয় ৰাইজে বিদ্যালয়খনৰ শিক্ষকবৃন্দক অৱগত কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিদ্যালয়খনৰ শিক্ষকবৃন্দ উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনৰ কাৰ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰি সা-সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰি 'জয় মা কালি' লিখা থকা দেৱাল ঘড়ীটো লৈ উধাও হয় ৷ লগতে আলমিৰাত থকা গুৰুত্বপূৰ্ণ কাগজকে ধৰি ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ বহীও ফালি ছিঙি নষ্ট কৰে ।