অসম

assam

ETV Bharat / state

ৰঙাপৰাত চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান - পুৰণি শিক্ষানুষ্ঠান

বিদ্যালয়ত ওলমি আছে প্ৰকাণ্ড তলা

চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান

By

Published : Mar 13, 2019, 12:50 PM IST


তেজপুৰ , 13 মাৰ্চ :পৰিৱৰ্তনকামী বিজেপি নেতৃত্বতাধীন ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ চৰম হেমাহিৰ বাবেইৰাজ্যত বন্ধ হৈ পৰিল এখন শিক্ষানুষ্ঠান ।

শোণিতপুৰৰ ৰঙাপৰাৰ অতি পিছপৰা ভেলুৱাটাৰ গাঁৱত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৯৩ চনত ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয় নামৰ এখন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল ।

চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ'ল পুৰণি শিক্ষানুষ্ঠান
ৰেতনি খেৰিয়া প্ৰাথমিক বিদ্যালয়খনত প্ৰথমাৱস্থাত অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছিল । কিন্তু বিদ্যালয়খন এদিন চৰকাৰীকৰণ হোৱাৰ আশাতপ্ৰধান শিক্ষক তনুৰাম তিৰ্কী আৰু সহকাৰী শিক্ষক আব্দুল ৰেজকে বিনা বেতনে 'ক' শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষা প্ৰদান কৰিছিল । কিন্তু শিক্ষা বিভাগে বিদ্যালয়খন প্ৰাদেশীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ২০১৮ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা শিক্ষানুষ্ঠান খনত পাঠদান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে বুলি জনাই স্থানীয় ৰাইজে । ২৫ বছৰ অতিক্ৰম কৰা বিদ্যালয়খন হঠাতে বন্ধ হৈ পৰাৰ পাচতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ সেয়ে অতি পুৰণি বিদ্যালয়খনৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে পুনৰ পাঠদানেৰে অঞ্চলটোৰ শৈক্ষিক পৰিবেশ ঘূৰাই আনিবলৈ ৰাইজে অনুৰোধ জনাইছে ৷

ABOUT THE AUTHOR

...view details