দিব্যাংগৰ নিযুক্তিত জালিয়াতিঃ পৰীক্ষাৰ পূৰ্বে ধনৰ বিনিময়ত প্ৰশ্নকাকত বিতৰণৰ অভিযোগ - উত্তৰ অসম দিব্যাংগ সন্থা
অসম চৰকাৰৰ অধীনত দিব্যাংগৰ নিযুক্তিৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত ভয়ংকৰ জালিয়াতি ৷ পৰীক্ষাৰ পূৰ্বে ধনৰ বিনিময়ত প্ৰশ্নকাকত বিতৰণৰ অভিযোগ ৷ জালিয়াতিৰ অডিঅ' ক্লীপো আহি পৰিছে উত্তৰ অসম দিব্যাংগ সন্থাৰ হাতত ৷
তেজপুৰ, 23 আগষ্টঃ অসম চৰকাৰে 9 জুন তাৰিখে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 357 টা পদত দিব্যাংগ সকলৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত ভয়ংকৰ জালিয়াতিৰ কথা পোহৰলৈ আহিছে যাৰ বাবে উত্তৰ অসম দিব্যাংগ সন্থাই তেজপুৰ সদৰ আৰক্ষীত এই জালিয়াতিৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । উত্তৰ অসম দিব্যাংগ সন্থাৰ মুখ্য সম্পাদক উৎপল ভূঞাই জানিবলৈ দিয়া মতে, উক্ত লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই একাংশ পৰীক্ষাৰ্থীৰ হাতত পৰিছিল ৷ তেওঁ কয় যে , চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বহুকেইজন ব্যক্তিয়ে পৰীক্ষাৰ পূৰ্বে সত্তৰ হাজাৰৰ পৰা দুই লাখ টকাৰ বিনিময়ত পৰীক্ষাৰ্থীৰ মাজত প্ৰশ্নকাকত বিতৰণ কৰিছিল ৷ লগতে তেওঁ অভিযোগ আনে যে 6 আগষ্টত আৰক্ষী নিযুক্তি বৰ্ডে প্ৰকাশ কৰা যোগ্যতা সম্পন্ন তালিকাত তৃতীয় বৰ্গৰ মুঠ ৩৫৭ গৰাকীৰ নাম প্ৰকাশ পাইছিল যদিও কেইখনমান নিদ্দিষ্ট জিলাৰ পৰীক্ষাৰ্থীকহে অগ্ৰাধিকাৰ দিয়া হৈছে ৷ তাৰ পৰিৱৰ্তে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ মাত্ৰ দুইৰ পৰা চাৰিজন প্ৰাৰ্থীকহে নিৰ্বাচিত কৰিছে ৷ ইয়াৰোপৰি এই জালিয়াতিৰ অডিঅ' ক্লীপো উত্তৰ অসম দিব্যাংগ সন্থাৰ হাতত আহি পৰিছে বুলিও জানিবলৈ দিয়ে ৷