তেজপুৰ, ২৪ ডিচেম্বৰ :তেজপুৰৰ শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰত আনন্দময় পৰিবেশ । সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ মহন্তই ১০০ বছৰত ভৰি দিয়াৰ সময়তে আনন্দ-উল্লাহ শুভাকাংক্ষীৰ মাজত । বেছেৰীয়া নিবাসী সত্ৰাধিকাৰ গৰাকীৰ জন্মদিনৰ বিশেষ দিনটোত সকলো শুভাকাংক্ষীৰ লগতে তেজপুৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে বৰ্ষীয়ান সত্ৰীয়া শিল্পীগৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে । সমান্তৰালকৈ সত্ৰাধিকাৰ গৰাকীৰ বিশেষ দিনটোত ভকত বৈষ্ণৱ সকলে সত্ৰত গুৰুজনাৰ ঘোষা গোৱাৰ লগতে দেৱবাদ্য বজাই সত্ৰাধিকাৰ গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে ।
উল্লেখ্য যে, বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞেশ্বৰ মহন্তৰ জন্মদিনটোত অঞ্চলৰ জ্যেষ্ঠজনৰ পৰা নতুন প্ৰজন্মৰ বহুকেইগৰাকী শিল্পীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই গীত-মাত-নৃত্য পৰিবেশন কৰে । ৮ পুহৰ দিনটোত শতায়ুত ভৰি দিয়া সত্ৰাধিকাৰগৰাকী এতিয়াও যেন দুৰন্ত তৰুণ ৷ তাকে প্ৰমাণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে নিজে খোল বজাই পৰিবেশন কৰিলে বৰগীত ৷ তেওঁৰ স্পষ্ট কন্ঠৰ বৰগীতে মুহিলে সকলোকে ৷