তেজপুৰ, 4 জুনঃসোমবাৰৰ পৰা সন্ধানহীন হৈ থকা বায়ুসেনাৰ AN 32 বিমানৰ সন্ধানত নৌ-সেনাৰ P-8l স্পাই জাহাজৰ লগতে ইছৰোৰ ৰিছাট উপগ্ৰহ ব্যৱহাৰ কৰা হৈছে ৷ বায়ুসেনাৰ শীৰ্ষ সূত্ৰই চৰকাৰী বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷ তামিলনাডুৰ আৰাকোস্থিত নৌ-সেনাৰ INS Rajaliৰ পৰা দিনৰ এক বজাতেই যোৰহাটলৈ বুলি উৰা মাৰিছে নৌ-সেনাৰ দীৰ্ঘ দূৰত্বৰ সাগৰীয় উদ্ধাৰকাৰী বিমান P-8l ৷ ইতিমধ্যে যোৰহাটত উপস্থিত হৈ সন্ধানহীন AN 32 বিমানখনৰ উদ্ধাৰকাৰ্যত নামি পৰিছে বিমানখন ৷
অসম আৰু অৰুণাচলৰ বায়ুসীমাত বৃদ্ধি কৰা হৈছে নৌ-সেনাৰ P-8l স্পাই জাহাজৰ লগতে ৰিছাট উপগ্ৰহৰ গতিবিধি ৷ ইয়াৰ উপৰিও উদ্ধাৰকাৰ্যত নামি পৰিছে বায়ু সেনাৰ Sukhoi 30MKIৰ লগতে C-130J Super Hercules আৰু স্থলসেনাৰ Mi 17 আৰু ALH হেলিকপ্টাৰ ৷ আকাশমাৰ্গৰ উপৰিও স্থলভাগেৰে উদ্ধাৰকাৰ্যত নামি পৰিছে সেনাৰ বিশেষ দলৰ লগতে আইটিবিপি আৰু অৰুণাচলৰ অসামৰিক প্ৰশাসন ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰকাৰ্য সুকলমে চলিব পৰা নাই আৰু সেয়েহে সন্ধানহীন বিমানখনৰ সন্ধান উলিওৱাত কিছু পলম হৈছে উদ্ধাৰকাৰী বাহিনীসমূহৰ ৷