অসম

assam

By

Published : May 18, 2021, 8:05 PM IST

ETV Bharat / state

বালিপৰাত কঠোৰ চাৰিদুৱাৰ আৰক্ষী

ক’ভিড প্ৰট'কল নমনা লোকসকলৰ প্ৰতি কঠোৰ চাৰিদুৱাৰ আৰক্ষী ৷ ক’ভিড নিয়ম নামানি টিঘিলঘিলাই থকা একাংশক উত্তম মাধ্যম দিয়াৰ লগতে যুগ্ম-অযুগ্ম বাহনৰ নিয়ম নমনা সকলক বিহিছে জৰিমনা ।

sariduar-police-strict-regarding-covid-violation
বালিপৰাত কঠোৰ চাৰিদুৱাৰ আৰক্ষী

ৰঙাপৰা, 18 মে': সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য হাৰত বৃদ্ধি হৈছে ক’ভিড-19 আক্ৰান্ত লোকৰ সংখ্যা ৷ বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নতুন নতুন ৰণকৌশলেৰে ক’ভিড নিৰ্মূলৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে এই যুঁজত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে আৰক্ষী বিষয়াসকল ।

বালিপৰাত কঠোৰ চাৰিদুৱাৰ আৰক্ষী

শোণিতপুৰৰ বালিপৰাত নিশা পৰ্যন্ত কৰ্তব্যত ব্যস্ত দেখা গৈছে আৰক্ষীৰ লোকসকলক । ক’ভিড প্ৰট'কল নমনা লোকসকলৰ প্ৰতি বালিপৰাত কঠোৰ হ’ল চাৰিদুৱাৰ আৰক্ষী ৷ নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি কৰ্তব্যৰত এইসকল জোৱানে ক’ভিড নিয়ম নামানি টিঘিলঘিলাই থকা একাংশক উত্তম মাধ্যম দিয়াৰ লগতে যুগ্ম-অযুগ্ম বাহনৰ নিয়ম নমনা সকলক বিহিছে জৰিমনা ।

লগতে পঢ়ক:ভাৰতৰ ক’ভিড পৰীক্ষাৰ তথ্য সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দাবীক নস্যাৎ

ABOUT THE AUTHOR

...view details