তেজপুৰ, ১ এপ্ৰিল :পৰিৱেশ্য কলা, সাহিত্য আৰু সুকুমাৰ কলাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে নিজৰ স্বকীয় সত্তা বিচাৰি পাই সেই লক্ষ্যৰে ২০১১ চনৰ পৰা তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড৹ প্ৰতিভা শৰ্মাৰ তৎপৰতাত এক আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰে ৷ শুকুৰবাৰে তেজপুৰৰ অন্যতম সামাজিক-সংস্কৃতিক আৰু নৃত্যানুষ্ঠান সপ্তাশ্বৰ দশম বাৰ্ষিক শাস্ত্ৰীয় নৃত্য তথা সাংস্কৃতিক সমাৰোহৰ নৃত্য কল্প শীৰ্ষক অনুষ্ঠানৰ প্ৰথম নিশাৰ কাৰ্যসূচী সম্পন্ন হয় (Saptaswar 10th Annual Classical Dance and Cultural Festival began) ।
উল্লেখ্য যে, শুক্ৰবাৰে নিশা প্ৰথম দিনটো তেজপুৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগনত শাস্ত্ৰীয় নৃত্যৰে জীপাল হৈ পৰে । সত্ৰীয়া নৃত্য, ওডিছী নৃত্য, কথক নৃত্য, ভোৰতাল নৃত্য, সুৰ সমলয়ৰ সুমধুৰ পৰিৱেশনেৰে মনোৰম হৈ পৰা এই ৰুচীশীল অনুষ্ঠানটো ৷ বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা দৃষ্টিনন্দন অনুষ্ঠানটি উদ্বোধন কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুদ্ধ শৈলীৰে অভিজ্ঞ শিল্পীৰ দ্বাৰা শাস্ত্ৰীয় নৃত্য শিকি তেজপুৰৰ পৰা সুনাম কঢ়িয়াই অনাত মনোনিবেশ কৰিবলৈ ন শিকাৰু সকলক আহ্বান জনায় ৷ লগতে তেওঁ সপ্তাশ্ব দহ বছৰীয়া এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে ।
ইয়াৰ মাজতে বিগত সময়ত সপ্তাশ্বৰ কাৰ্যসূচীসমূহত মাৰ্গদৰ্শন কৰি উদ্বুদ্ধ কৰা প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ লগতে শশীন্দ্ৰ নাথ শৰ্মা, সবিতা শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ প্ৰতিচ্ছবিত সপ্তাশ্বৰ হৈ হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা, শৰ্মা দম্পতীৰ কন্যা আৰু জোঁৱাই ক্ৰমে ড৹ প্ৰতিভা শৰ্মা, মৃদুল কুমাৰ শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ সহধৰ্মিনী ৰোহিনী বৈশ্যই বন্তি প্ৰজ্বলন কৰে ।