অসম

assam

ETV Bharat / state

পুনেৰ পৰা চাইকেলেৰে যাত্ৰা কৰি তেজপুৰত উপস্থিত গহপুৰৰ শংকৰ মেধি

সুদূৰ পুনেৰ পৰা চাইকেলৰে যাত্ৰা কৰি আজি তেজপুৰত পালেহি গহপুৰৰ শংকৰ মেধি নামৰ এজন যুৱক ৷ সম্পূৰ্ণ ৯ দিন একেৰাহে চাইকেল চলাই আহি দেওবাৰে যুৱকজন উপস্থিত হয় তেজপুৰ বিশ্ববিদ্যালয়ত থকা মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত ৷

Sankar Medhi of Gohpur in Tezpur by cycling from Pune
পুনেৰ পৰা চাইকেলেৰে যাত্ৰা কৰি তেজপুৰত উপস্থিত গহপুৰৰ শংকৰ মেধি

By

Published : May 24, 2020, 11:20 PM IST

তেজপুৰ,২৪ মে' :চতুৰ্থ লক ডাউনৰ মাজতে সুদূৰ পুনেৰ পৰা চাইকেলৰে যাত্ৰা কৰি আজি তেজপুৰত পালেহি গহপুৰৰ শংকৰ মেধি নামৰ এজন যুৱক ৷ সম্পূৰ্ণ ৯ দিন একেৰাহে চাইকেল চলাই আহি দেওবাৰে যুৱকজন উপস্থিত হয় তেজপুৰ বিশ্ববিদ্যালয়ত থকা মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত ৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পুনেৰ এটা কোম্পানীত কৰ্মৰত আছিল শংকৰ মেধি ৷কিন্তু কৰ'ণা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱকজনে চাইকেল চলাই নিজ গৃহলৈ অহাৰ সিদ্ধান্ত লয় ৷ ইয়াৰ পিছত 9 দিনৰ অন্তত আজি তেজপুৰৰ মাণ্ডলিক কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হয় যুৱকজন ৷

পুনেৰ পৰা চাইকেলেৰে যাত্ৰা কৰি তেজপুৰত উপস্থিত গহপুৰৰ শংকৰ মেধি

উল্লেখযোগ্য যে শোণিতপুৰ জিলাত এই বৰ্তমানলৈকে কোৱাৰেণ্টাইনত থকা ১৪ জন লোক মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷আনহাতে তেজপুৰ মেডিকেল কলেজত ইতিমধ্যে ৬৪৩৪ জন লোকৰ COVID -১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে৷ ইয়াৰ ভিতৰত ২৩ জন প'জিটিভ পোৱাৰ লগতে ৬২৪৫ জনৰ নিগেটিভ পোৱা গৈছে ৷


লগতে পঢ়কঃচৰকাৰে খবৰ লৈছেনে শ্ৰী শ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ !

ABOUT THE AUTHOR

...view details