অসম

assam

ETV Bharat / state

3,992 গৰাকী ভাৰতীয়ক স্বদেশলৈ আনিলে ভাৰতীয় নৌসেনাই - ক'চি আন্তঃৰাষ্ট্ৰীয় নৌবন্দৰ

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি ৷ বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে কৰা অভিযানত সুৰক্ষিতভাৱে 3,992 গৰাকী ভাৰতীয়ক ঘূৰাই আনিবলৈ সক্ষম হয় নৌসেনা ।

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি
ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি

By

Published : Jul 9, 2020, 12:21 AM IST

তেজপুৰ, 8 জুলাই : ভাৰতীয় নৌসেনাই সম্পূৰ্ণ কৰিলে অপাৰেশ্যন সমুদ্ৰ সেঁতু । মহামাৰী কোভিড-19ৰ পৰিপ্ৰেক্ষিতত যোৱা 5 মে'ৰ পৰা ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু বৈদেশিক মন্ত্ৰণালয়ৰ উদ্যোগত এই সমুদ্ৰ সেঁতু আৰম্ভ কৰিছিল ৷ বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে কৰা অভিযানত সুৰক্ষিতভাৱে 3,992 গৰাকী ভাৰতীয়ক ঘূৰাই আনিবলৈ সক্ষম হয় নৌসেনা ।

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি

উল্লেখ্য যে, নৌসেনাই মুঠ 55 দিনত Jalashwa নেভেল বন্দৰত সৰদেৱল মাৰ্গৰ এই অভিযানত ভাগ লয় । প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, নৌসেনাই সৰ্বমুঠ 23,000 কিলোমিটাৰ সাগৰীয় যাত্ৰা অতিক্ৰম কৰি বিদেশত থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই আনে ৷

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি

জানিব পৰা মতে, নৌসেনাই 2006 আৰু 2015 চনত Sukoonৰ জৰিয়তে এই একেই অভিযান চলাইছিল । অভিযানত নৌসেনাই সকলো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ এই অভিযানৰ সময়ত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু যাত্ৰীৰ বাবে ভেণ্টিলেচনৰ ব্যৱস্থা কৰা হৈছিল ।

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি

আনহাতে, জাহাজৰ ভিতৰত যাত্ৰীৰ বাবে Sick Bay or the clinic onboardৰো ব্যৱস্থা গ্ৰহণ কৰে । এই সময়ৰ ভিতৰত Jalashwa নামৰ সাগৰীয় জাহাজখনত কোচি আন্তঃৰাষ্ট্ৰীয় নৌবন্দৰ পোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে চনিয়া জেকব নামৰ এগৰাকী মহিলাই এটি সন্তান জন্ম দিয়ে । ভাৰতীয় নৌসেনাই চিকিৎসা কৰ্মীৰ বাবে এই জাহাজত Naval IL-38 and Dornier aircraftৰ ব্যৱহাৰ কৰিছিল ।

ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি
ইয়াৰোপৰি, মিছন ‘সাগৰ’ জাহাজৰ জৰিয়তে মালদ্বীপ, ম'ৰিচাচ, মাদাগস্কাৰ, কমৰোচ দ্বীপ আৰু চিচেলচৰ মুঠ 14,000 কিলোমিটাৰ অতিক্ৰম কৰি মাত্ৰ 49 দিনত সেই ঠাইত চিকিৎসা সামগ্ৰী আয়ুৰ্বেদিক মেডিচিন যোগান ধৰা হয় ।
ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি

লগতে পঢ়ক : মুম্বাইত প্লাজমা থেৰাপি ইউনিট মুকলি কৰিলে শচীন তেণ্ডুলকাৰে

ABOUT THE AUTHOR

...view details