অসম

assam

ETV Bharat / state

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কি ক'লে ৰূপজ্যোতি কুৰ্মীয়ে?

ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপিক সমালোচনা কৰে ৷ এইবাৰ উপ-নিৰ্বাচনত চাৰি সমষ্টিৰ ৰাইজে বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

By

Published : Oct 20, 2019, 5:24 PM IST

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল

ৰঙাপৰা,20অক্টোবৰ :''হিমন্ত বিশ্ব শৰ্মা এজন যাদুকৰ ,এজন মিছলীয়া আৰু প্ৰবঞ্চক ব্যক্তি ''- এই মন্তব্য মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ দেওবাৰে ৰূপজ্যোতি কুৰ্মীয়ে ৰঙাপৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলত বিজেপি চৰকাৰক সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়,এইবাৰ ৰাজ্যৰ চাৰি সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত মিছা কথা, প্ৰলোভনৰ ৰাজনীতি, প্ৰবঞ্চনা, প্ৰতাৰণা, ষড়যন্ত্ৰমুলক ৰাজনীতি কৰা ৰাজনীতিবিদৰ অন্ত পৰিব ৷ সেয়া সমগ্ৰ অসমবাসীয়ে নিজেই প্ৰত্যক্ষ কৰিব ৷

কংগ্ৰেছক ভয় কৰে বিজেপিয়ে !


ইফালে, ছিণ্ডিকেট সন্দৰ্ভতো বিধায়কগৰাকীয়ে আঙুলি টোৱাই কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা, পিয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু পল্লৱ লোচন দাসলৈ ৷ বিধায়কগৰাকীয়ে কয়, কংগ্ৰেছে ছিণ্ডিকেট চলোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে ৷ কিন্তু ছিণ্ডিকেটৰ লগত জড়িত থকা কংগ্ৰেছৰ কোনো এজন লোকক বৰ্তমানেও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে ৷ যদি ইয়াৰ লগত কংগ্ৰেছ জড়িত আছে তেন্তে তদন্ত কৰি কৰায়ত্ত কৰিবলৈও প্ৰত্যাহ্বান জনায় বিজেপিক ৷ ছিণ্ডিকেট কেৱল কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা লোকসকলহে কৰিছিল আৰু বৰ্তমানেও কৰি আছে ৷

অসমত নচলিব ষড়যন্ত্ৰমূলক ৰাজনীতি


সংবাদমেলত বিধায়কগৰাকীয়ে কয়, বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে একমাত্ৰ কেন্দ্ৰ কৰি ল'লে চাহ জনগোষ্ঠীৰ লোকসকলক ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, স্কুটি, এক তোলা সোণ, চাহ শ্ৰমিক ৰাইজৰ দৈনিক হাজিৰা বৃদ্ধি কৰা, 1টকাত কেৰাচিন তেল প্ৰদান কৰা এই সকলোবোৰ প্ৰতিশ্ৰুতি বিজেপিয়ে ভোটৰ লালসাত অসমবাসীক দিছিল ৷ কিন্তু এই উপ-নিৰ্বাচনত তেনে কোনো ভুৱা প্ৰতিশ্ৰুতি অসমবাসীয়ে নুশুনে ৷ এইবাৰ অসমৰ জনসাধৰণে ভুৱা প্ৰতিশ্ৰুতিৰ প্ৰত্যুত্তৰ দিব ৷ ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয়- কংগ্ৰেছ যদি পাঁচশ টকীয়া নচলা নোট হয়, তেতিয়াহ’লে এই নোটখনক লৈ বিজেপি দলে ভয় খাব নালাগিছিল। ৰাতাবাৰী, জুনিয়া, সোনাৰী আৰু ৰঙাপৰা সমষ্টিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ টকা ব্যয় কৰি আকাশত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে একমাত্ৰ কংগ্ৰেছক এই নচলা নোটক ভয় কৰাৰ বাবেই ৷ বিজেপিয়ে ইমানেই ভয় খালে যে নিৰ্বাচনী প্ৰচাৰ অভিযানত বি পি এফ আৰু অগপ দলৰ নেতাসকলক অংশ গ্ৰহণ কৰাবলৈ বাধ্য হৈ গ'ল ৷

ছিণ্ডিকেটৰ লগত জড়িত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

ABOUT THE AUTHOR

...view details