অসম

assam

ETV Bharat / state

প্ৰদূষণ নিৰীক্ষণ বিভাগক প্ৰশ্ন RTI কৰ্মীৰ কিন্তু কিয় ? - 1988 চনত প্ৰযোজ্য হৈছিল মটৰ পৰিবহণ আইন

1988 ত প্ৰযোজ্য হোৱা যান-বাহন আইন প্ৰণয়ন কৰিবলৈ 2019 চনলৈ ৰখিব লগা হৈছিল কিয় ? যোৱা 10-20 বছৰে ? কি কৰিছিল প্ৰদূষণ নিৰীক্ষণ বিভাগে ? এই প্ৰশ্ন বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথৰ ৷

RTI activist questions about new pollution act

By

Published : Oct 3, 2019, 1:32 PM IST

তেজপুৰ, 3 অক্টোবৰ:পূজাৰ প্ৰাকক্ষণত শ্বপিং মলত নহয় বৰ্তমান অসমৰ প্ৰতিটো পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰদূষণ কক্ষত লাগিছে লানি নিছিগা ভিৰ । কাৰণ ৰাজ্যত ৰাজ্য চৰকাৰে নতুন যান বাহন আইন সোমবাৰে গৃহীত কৰাৰ পাচতেই নিদ্ৰা হৰিছে সৰ্ব সাধাৰণৰ ৷ কাৰণ অত্যাধিক জৰিমনাৰ পৰা হাত-সাৰিবলৈ এতিয়া পৰিবহণ বিভাগৰ কাৰ্যালয়ত প্ৰদূষণৰ চাৰ্টিফিকেট সংগ্ৰহ কৰাৰ বাবে দীঘলীয়া শাৰী পাতিছে বিভিন্ন লোকে ৷

পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ প্ৰদূষণ কক্ষ

কিন্তু এই নতুন আইন কাৰ্যকৰী কৰাক লৈ এতিয়া প্ৰশ্ন তুলিছে বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথে ৷ 1988 চনত প্ৰযোজ্য হৈছিল মটৰ পৰিবহণ আইন ৷ কিন্তু ইমান দিনে আইন অমান্য কৰিলে নেকি বিভাগীয় কৰ্তৃপক্ষৰ পৰিবহণ বিষয়া, ৰাজ্যিক প্ৰদূষণ আয়ুক্তই । কাৰণ 1988 চনৰ পৰাই বৃদ্ধি পাইছে যান বাহনৰ প্ৰদূষণ ৷ যাৰ ফলত অত্যাধিক পৰিবেশ বিনষ্ট হৈছে বুলি দাবী কৰি ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্ন উত্থাপন কৰে নাথে ৷

প্ৰদূষণ নিৰীক্ষণ বিভাগক প্ৰশ্ন RTI কৰ্মী দিলীপ নাথৰ

ইমান দিনে কিয় এই আইন মতে পৰিবহণ বিভাগে জৰিমনা বিহাৰ ব্যৱস্থা নকৰিলে আৰু বৰ্তমানে জধে-মধে জৰিমনা বিহিলে প্ৰদূষণ নিয়ন্ত্ৰণ হ’ব নেকি বুলি উল্লেখ কৰে আৰ টি আই কৰ্মীজনে ৷ নাথে লগতে কয়, এই সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে ৷ এই ঘটনা সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ তৰাৰ লগতে প্ৰদূষণ আৰু পৰিবহণ আয়ুক্তৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব বুলি জানিব দিয়ে আৰ টি আই কৰ্মী দিলীপ নাথে ৷

ABOUT THE AUTHOR

...view details