অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা ঢেকীয়াপতীয়াৰ মৃত্যু - বন বিভাগ

মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্র প্ৰকল্পৰ লাইডুবি কেম্পৰ অধীনৰ অঞ্চলৰ পৰা এটা মৃত বাঘ উদ্ধাৰ কৰে বন বিভাগে ৷ বাঘটো প্ৰায় দহ দিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সদৰি কৰিছে বন বিভাগে ৷

royal bengal tiger dies again in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ঢেকীয়াপতিয়া বাঘৰ মৃত্যু

By

Published : Jul 13, 2021, 10:08 PM IST

তেজপুৰ, ১৩ জুলাই :পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃত্যু । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্র প্ৰকল্পৰ লাইডুবি কেম্পৰ অধীনৰ অঞ্চলৰ পৰা মঙলবাৰে এটা মৃত বাঘ উদ্ধাৰ কৰে বন বিভাগে । এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ ইষ্টাৰ্ণ বন্য প্ৰাণী বিভাগৰ প্ৰাধিকাৰীয়ে ।

বিভাগীয় সূত্ৰই মৃত বাঘটো দহ দিন পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰিছে । বনবিভাগে ডিএনএ সংগ্ৰহ কৰি বাঘটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে । এই বাঘটোৰ মৃত্যু স্বাভাৱিকভাৱে হোৱা বুলি ধাৰণা কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনত ইতিমধ্যে এই বছৰ চাৰিটা বাঘ প্ৰাকৃতিক কাৰণত মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ পাইছে ।

কিছুদিন পূৰ্বে অৰ্থাৎ ১৮ জুনত বনকৰ্মীৰ হাতত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত এগৰাকী বনকৰ্মীক নিলম্বন কৰা হৈছিল । ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই এক টুইট যোগে সংবাদ মাধ্যমক জনাই যে, ভুলবশত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভেৰণি এন্টি প’চিং কেম্পৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছিল ।

জাপৰিপথাৰ গাঁৱৰ সমীপত কহৰা ৰেঞ্জৰ অধীনত মৃত বাঘটো যোৱা ১৮ জুনত উদ্ধাৰ কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত এই বাঘটোৰ ফৰেন্সিক পৰীক্ষা কৰাৰ পিছত বাঘটোৰ দেহত গুলিৰ আঘাতৰ চিন পোৱা গৈছিল ৷ কিন্ত কি কাৰণত বনকৰ্মী গৰাকীয়ে গুলী চালনা কৰিবলগীয়া হৈছিল তাৰ কোনো বিৱৰণ এতিয়ালৈকে প্ৰকাশ কৰা নাই ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 2007 চনত ৰাষ্ট্ৰীয় ব্যাঘ্র প্ৰকল্প হিচাপে পৰিগণিত হৈছিল আৰু তাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় ব্যাঘ্র সুৰক্ষাৰ অধীনত সামৰি লোৱা হয় । ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাষ্ট্ৰীয় ব্যাঘ্র প্ৰকল্পৰ ভিতৰত 2018 চনৰ wild Life Institute of India ৰ সমীক্ষা মতে 104 টা বাঘ আছে ।

লগতে পঢ়ক: কাজিৰঙা(KAZIRANGA)ত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

ABOUT THE AUTHOR

...view details