তেজপুৰ,১০ নৱেম্বৰ: অসমৰ পাঁচ স্থানত নিৰ্মাণ হ'ব ৰ'পৱে(Ropeway at five places in Assam) । কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী(Union Minister Nitin Gadkari in Assam)ৰ উপস্থিতত বুধবাৰে অসমত পাঁচটা ঠাইত ৰ'পৱে নিৰ্মাণৰ বাবে গুৱাহাটীত NHLML আৰু PWD ৰ মাজত স্বাক্ষৰিত হয় এখন বুজাবুজি চুক্তি(MoU between PWD and NHLML) ।
ঐতিহাসিক সমলৰে ভৰপুৰ তেজপুৰতো নিৰ্মাণ কৰা হ'ব ৰ'পৱে । ৰ'পৱেৰ বাবে তেজপুৰৰ ঐতিহাসিক অগ্নিগড় পাহাৰ আৰু ঐতিহাসিক ভৈৰৱী মন্দিৰৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে(Ropeway from Agnigarh to Bhairavi Temple) । এক তথ্যৰ পৰা পোহৰলৈ আহিছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অগ্নিগড় পাহাৰ তথা অগ্নিগড় উদ্যানৰ পৰা মাঁ ভৈৰৱী মন্দিৰলৈকে নিৰ্ধাৰিত কৰিছে ৰ'পৱে পথ ।
পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেজপুৰ চহৰৰ কাষতে থকা অগ্নিগড় উদ্যানৰ পৰা ভৈৰৱী মন্দিৰলৈ ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত প্ৰায় ১.৮০ কিলোমিটাৰ দূৰত্বৰ এলেকা সামৰি লোৱা হৈছে । ইয়াৰ বাবে প্ৰথমে সম্ভাৱনীয়তাৰ এক প্ৰতিবেদন দাখিল কৰিব চৰকাৰক, তাৰপিছত ডিটেইলছ প্ৰজেক্ট তৈয়াৰ কৰা হ'ব । কিন্তু, এই বিষয়ে জিলা প্ৰশাসনৰ হাতত বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য আহি পোৱা নাই ।
অৱশ্যে এই ৰোপৱে নিৰ্মাণ হলে পৰ্য্যটন উদ্যোগত আন এক বিশেষ ভূমিকা গ্ৰহণ কৰিব তেজপুৰত । বৰ্তমান তেজপুৰৰ অগ্নিগড় উদ্যানত দৈনিক প্ৰায় শতাধিক লোকে ভ্ৰমণ কৰে সাধাৰণ সময়ত আৰু ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত ই দুই তিনি শতাধিকলৈ বৃদ্ধি পায় । অৱশ্যে এই সমগ্ৰ বিষয়ে সম্পূৰ্ণ অধ্যয়ন সমাপ্ত হোৱাৰ পিছত হে জানিব পৰা যাব কি কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব আৰু কিমান লোকৰ বাবে ব্যৱহাৰৰ উপযোগী কৈ নিৰ্মাণ কৰা হ'ব ।
লগতে পঢ়ক:Karendra Basumatary requiem: ৰৌতাত সমূহীয়াভাৱে আয়োজন কৰেন্দ্ৰ বসুমতাৰীৰ সমূহীয়া আদ্যশ্ৰাদ্ধ