অসম

assam

নিৰ্বাচনী যুদ্ধত দুজন প্ৰাক্তন আটছা নেতা মুখামুখি হ'ব ৰঙাপৰা সমষ্টিত

By

Published : Mar 6, 2021, 3:55 PM IST

ৰঙাপৰা সমষ্টিত দুজন প্ৰাক্তন আটছা নেতাই লাভ কৰিছে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব । বিজেপি দলে প্ৰাক্তন আটছাৰ নেতা কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে আটছাৰ প্ৰাক্তন নেতা অজয় তাঁতীয়ে লাভ কৰিছে অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব ।

নিৰ্বাচনী যুদ্ধত দুজন প্ৰাক্তন আটছা নেতা মুখামুখি হ'ব ৰঙাপৰা সমষ্টিত
নিৰ্বাচনী যুদ্ধত দুজন প্ৰাক্তন আটছা নেতা মুখামুখি হ'ব ৰঙাপৰা সমষ্টিত

ৰঙাপৰা,৬মাৰ্চ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিত ইতিমধ্যে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত বিজেপি দলে প্ৰাক্তন আটছাৰ নেতা কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । ইফালে অসম প্ৰথম, সদায় আৰু চিৰদিন লক্ষ্যৰে গঠিত হোৱা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে আটছাৰ প্ৰাক্তন নেতা অজয় তাঁতীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

নিৰ্বাচনী যুদ্ধত দুজন প্ৰাক্তন আটছা নেতা মুখামুখি হ'ব ৰঙাপৰা সমষ্টিত

সমষ্টিটোৰ বাবে দুজন প্ৰাক্তন আটছা নেতাই টিকট লাভ কৰাৰ লগে লগে এতিয়া ৰঙাপৰাত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে । দুয়োজন প্ৰাক্তন ছাত্র নেতাৰ মাজত যে এখন আকৰ্ষণীয় নিৰ্বাচনী যুদ্ধ হ'ব সেয়াও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । কাৰণ ৰঙাপৰা সমষ্টিত চাহ জনগোষ্ঠীয় ভোটাৰ ৰাইজে এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক:সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

For All Latest Updates

TAGGED:

Rangapara

ABOUT THE AUTHOR

...view details