অসম

assam

ETV Bharat / state

Bank Robbery in IAF base: শোণিতপুৰত বায়ুসেনা ঘাটিৰ SBI শাখাৰ পৰা প্ৰায় 24 লাখ টকা ডকাইতি - বায়ুসেনা ঘাটিৰ SBI শাখাৰ পৰা 24 লাখ টকা ডকাইতি

তেজপুৰস্থিত গৰৈমাৰীৰ বায়ুসেনা ঘাটিৰ ভিতৰত থকা এছ বি আই শাখাত ডকাইতি ৷ ডুপ্লিকেট ছাবি খুলি প্ৰায় 23.5 লাখ টকা লৈ উধাও হয় দুষ্কৃতিকাৰী (Bank Robbery at IAF SBI branch)৷ অপৰাধীসহ উদ্ধাৰ সমস্ত ধন ৷

robbery worth rs 24 lakh from sbi branch of air force base in sonitpur
শোণিতপুৰত বায়ুসেনা ঘাটিৰ SBI শাখাৰ পৰা 24 লাখ টকা ডকাইতি

By

Published : Feb 5, 2023, 2:23 PM IST

Updated : Feb 5, 2023, 4:56 PM IST

তেজপুৰ, 5 ফেব্ৰুৱাৰী:তেজপুৰস্থিত গৰৈমাৰীৰ বায়ুসেনা ঘাটিৰ ভিতৰত বেংক ডকাইতিৰ ঘটনা হৈছিল ৷ বায়ুসেনা ঘাটিৰ ভিতৰত থকা এছ বি আই শাখাটোৰ পৰা প্ৰায় 23.5 লাখ টকা লৈ উধাও হয় দুষ্কৃতিকাৰী (Bank Robbery at IAF SBI branch) ৷ শনিবাৰে নিশা শাখাটোৰ দুপ্লিকেট ছাবি খুলি এই ঘটনা সংঘটিত কৰে দুস্কৃতিকাৰীয়ে (IAF SBI branch Bank Robbery)।

ঘটনাৰ বিৱৰণী অনুসৰি শাখাটো নিশা খোলা অৱস্থাত সুৰক্ষা কৰ্মীয়ে দেখা পাই কৰ্তব্যৰত বিষয়াক অৱগত কৰে । এই ঘটনাৰ পিচতে বেংক শাখাটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে (Air Force Base in Sonitpur) ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে নিশাই বায়ুসেনাৰ ঘাটিত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শালনিবাৰী শাখাৰ শাখা পৰিচালকগৰাকীয়ে আহি বেংকত লুট-পাত হোৱাৰ কথা আৰক্ষীক অৱগত কৰিছিল ৷ এই খবৰ লাভ কৰাৰ পিচতে আৰক্ষীয়ে অভিযান চলাই নিশা বিশ্বনাথ চাৰিআলিৰ জিনজীয়াৰ গেলাপুখুৰীৰ পৰা বায়ু সেনা ঘাটিৰ ভিতৰত কেণ্টিনত কৰ্মৰত কৰ্মচাৰী এজনক গ্ৰেপ্তাৰ কৰে ৷ লগতে লুট কৰি নিয়া ধনখিনি উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে ৷

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে কোৱা অনুসৰি অভিযুক্তটোৰ নাম লক্ষেশ্বৰ বৰা (Robbery Accused arrested) ৷ লক্ষেশ্বৰৰ পৰা লুটি নিয়া 23,52,900 লাখ টকা উদ্ধাৰ কৰা হৈছে ৷ লগতে তেওঁ কয় যে, সুৰক্ষা কৰ্মীয়ে দুপ্লিকেট চাবি খুলি এই ঘটনা সংঘটিত কৰিছিল । বেংকৰ শাখাটোত প্ৰায় 25 লাখ টকা আছিল ৷

সম্প্ৰতি বায়ুসেনাৰ ঘাটিত সংঘটিত এই ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ তেজপুৰত ৷ উল্লেখ্য যে, যোৱা 30 বছৰ ধৰি লক্ষেশ্বৰ বৰাই বায়ু সেনাৰ কেণ্টিনত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Operation against child marriage: গোৱালপাৰাত বাল্য বিবাহৰ লগত জড়িত ৬৭ গৰাকী লোকক আটক

Last Updated : Feb 5, 2023, 4:56 PM IST

ABOUT THE AUTHOR

...view details