অসম

assam

ETV Bharat / state

ডেৰ ঘন্টা ধৰি ৰাজপথত আৱদ্ধ তেজপুৰবাসী - ধ্ৰুৱজোতি মহন্ত

হিন্দু জাগৰণ মঞ্চৰ সভাপতি ধ্ৰুৱজোতি মহন্তৰ নেতৃত্বত দোকানী সকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ বাবে তেজপুৰৰ ৰাজপথত তীব্ৰ যানজঁট ৷

ডেৰ ঘন্টা ধৰি ৰাজপথত আৱদ্ধ তেজপুৰবাসী

By

Published : Sep 30, 2019, 6:02 AM IST

তেজপুৰ, ২৯ ছেপ্তেম্বৰঃ তেজপুৰ চ'ক বজাৰত একাংশ ফুটপাথৰ দোকানীক আৰক্ষীয়ে উচ্ছেদ কৰাৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া ব্যৱসায়ী সন্থাই অৱৰোধ কৰে মূল পথ ৷ হিন্দু জাগৰণ মঞ্চৰ সভাপতি ধ্ৰুৱজোতি মহন্তৰ নেতৃত্বত ব্যৱসায়ীসকলে এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ ফলত অবৰ্ননীয় যানজঁটৰ সৃষ্টি হয় সমগ্ৰ ৰাজপথত ৷ তেজপুৰ ট্ৰিবেনীৰ পৰা চ'ক বজাৰলৈ আৰু মহাভৈৰৱৰ পৰা চ'ক বজাৰলৈ প্ৰায় ডেৰ ঘন্টা ধৰি পথটো অৱৰোধ কৰি ৰখাৰ ফলত যমৰ যাটনা ভুগে পথচাৰীয়ে ৷ অৱশ্যে পিছত আৰক্ষীয়ে আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ডেৰ ঘন্টা ধৰি ৰাজপথত আৱদ্ধ তেজপুৰবাসী

ABOUT THE AUTHOR

...view details