অসম

assam

ETV Bharat / state

বৰজুলিত উত্তপ্ত পৰিস্থিতি: পথ অৱৰোধ - উত্তপ্ত পৰিস্থিতি

বৰ্তমানলৈকে শাম কটা নাই ৰঙাপৰাৰ উত্তপ্ত পৰিস্থিতিৰ ৷ সোমবাৰে নিশাৰ ঘটনাক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ আছে ৰঙাপৰা ৷ উত্তেজিত ৰাইজে কৰিলে পথ অৱৰোধ ৷

Road block at rangapara assam etv bharat news
বৰজুলিত পথ অৱৰোধ

By

Published : Nov 24, 2020, 1:28 PM IST

ৰঙাপৰা,24 নৱেম্বৰ:ৰাজ্যবাসীয়ে তৰুণ গগৈৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে শোণিতপুৰৰ ৰঙাপৰাত সোমবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ৰঙাপৰাৰ বৰজুলিত উদ্ভৱ হোৱা পৰিস্থিতি বৰ্তমান মুহুৰ্তলৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে, সোমবাৰে নিশা এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ লাঠীচালনা কৰাৰ লগতে শূন্যলৈ 20 জাই গুলিচালনা কৰে ৷ এই গুলিচালনাৰ পিছত অধিক উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি ৷

বৰজুলিত পথ অৱৰোধ

মঙলবাৰে পুৱা বৰজুলিবাসীয়ে এই ঘটনাৰ প্ৰতিবাদত ৰঙাপৰা-মিছামাৰী সংযোগী পথটো অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সোমবাৰে নিশা আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰাৰ উপৰিও নিৰীহ লোকৰ ওপৰত লাঠিচালনা কৰিছিল ৷ ৰাইজৰ এই পথ অৱৰোধৰ বাবে সম্প্ৰতি স্তব্ধ হৈ পৰিছে যান-বাহনৰ চলাচল ৷

উল্লেখ্য যে, এগৰাকী অকলশৰীয়া বৃদ্ধাৰ ভূমি দখলৰ অপচেষ্টা চলাইছিল একাংশ দুস্কৃতিকাৰীয়ে ৷ বৃদ্ধাগৰাকীৰ আত্মীয়ই এই কথা জানিব পাৰি স্থানীয় আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু আৰক্ষীৰ হস্তক্ষেপৰ পূৰ্বে ভূমি দখল কৰিব খোজা ফৈদটোৰ লগতে বৃদ্ধাগৰাকীৰ আত্মীয় পৰিয়ালৰ মাজত হতাহতি সৃষ্টি হয় ৷ এই হতাহতিয়ে পিছৰ পৰ্যায়ত সংঘৰ্ষৰ ৰূপ লোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ 20 জাই গুলিচালনা কৰাৰ লগতে ৰাইজৰ ওপৰত লাঠিচালনা কৰিছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰিয়ে অধিক উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি ৷

লগতে চাওকঃৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা

ABOUT THE AUTHOR

...view details