তেজপুৰ,5 অক্টোবৰ : তেজপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6.45 বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তেজপুৰৰ হলেশ্বৰৰ সেনা শিবিৰলৈ প্ৰৱেশ কৰিবলৈ লওঁতেই সেনাৰ বাহনৰে মুখামুখি সংঘৰ্ষ হয় এখন টাটা মোবাইল বাহনৰ ৷ বাহনখনৰ পিছে পিছে গৈ থকা 12 চকীয়া আন এখন ট্ৰাকে খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত টাটা মোবাইলখনত ৷
তেজপুৰত একেলগে চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত - তেজপুৰত বাহন দুৰ্ঘটনাগ্ৰস্ত
বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত তেজপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত একেলগে চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ সেনাৰ বাহনৰে মুখামুখি সংঘৰ্ষ হোৱা টাটা মোবাইলৰ পিছত থকা তিনিখন বাহনে এখনে আনখনত খুন্দিয়ায় ৷
![তেজপুৰত একেলগে চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত Road accident in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9446017-thumbnail-3x2-tez.jpg)
তেজপুৰত একেলগে চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত
ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোত ট্ৰাকখনৰ পিছতে থকা এখন ডাম্পাৰে সন্মুখৰ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত খুন্দা মাৰে ৷ অৱশেষত মুঠ চাৰিখনকৈ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্ত গাড়ীকেইখনৰ চালক তথা অন্য লোকসকল ৷ এই দুৰ্ঘটনাৰ ফলত পথৰ দুয়োপাৰে তীব্ৰ যান-জঁটৰো সৃষ্টি হোৱা দেখা যায় ৷
লগতে পঢ়ক :খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ