তেজপুৰ, 4 মে' : ফেনীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত প্ৰশাসনে বন্ধ ৰাখিছে সকলো ধৰণৰ নৌ সেৱা ব্যৱস্থা ৷ কিন্তু প্ৰশাসনৰ সতৰ্কতাক উপলুঙা কৰি বিভিন্ন ঠাইত বৰ্তমানেও অব্যাহত আছে নাও চলাচল ৷
প্ৰশাসনৰ সতৰ্কতাক অংগুষ্ঠ প্ৰদৰ্শন নাৱৰীয়াৰ - etv assam
ফেনীৰ ভয়াবহতাৰ সতৰ্কতাক অৱমাননা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমানেও অব্যাহত নাও চলাচল ৷
ফেনীৰ ভয়াবহতাৰ সতৰ্কতাক অৱমাননা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত বৰ্তমানেও অব্যাহত নাও চলাচল
তেজপুৰ চহৰৰ কাষতে অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত সকলো ধৰণৰ যান্ত্ৰিক নাও আৰু টুলুঙা নাৱৰ চলাচল বন্ধ ৰখাৰ সময়তে দেখা পোৱা গৈছে এক বিপৰীত ছবি ৷ জিলা প্ৰশাসনৰ এই বাধাক নেওচি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানেও চলি আছে টুলুঙা নাও ৷
ব্ৰহ্মপুত্ৰত ইতিমধ্যে বাঢ়িছে প্ৰবল ঢৌ আৰু সমান্তৰাল ভাৱে আৰম্ভ হৈছে বৰষুণ৷ এনে পৰিস্থিতিত বিপদসংকুলভাৱে অব্যাহত ৰখা নাও সেৱা ৰোধ কৰিবলৈ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷
Last Updated : May 4, 2019, 7:02 PM IST