তেজপুৰ, ১১ নৱেম্বৰঃপৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ইয়াৰ সমান্তৰালভাৱে পৰ্যটকক আদৰিবলৈ সাজু তেজপুৰ ভোমোৰাগুৰিৰ নদী পৰ্যটনো । ব্ৰহ্মপুত্ৰ বুকুৰ মাজেৰে এতিয়াৰে পৰা পৰ্যটকে প্ৰত্যক্ষ কৰিব পাৰিব ৰিভাৰ ডলফিন, শিলঘাত বুঢ়াচাপৰি আৰু তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যও ৷ কিন্তু কেনেকৈ ?
বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ বন বিষয়াৰ লগতে অসম পৰ্যটন বিভাগৰ বিষয়াই ৷ প্ৰায় 6-7 খনকৈ নাওঁ চলাচল কৰিব ব্ৰহ্মপুত্ৰৰ বুকুত । তদুপৰি এইবাৰ অসম পৰ্যটন বিভাগৰ উদ্যোগত 40 জনকৈ যাত্রী একে সময়তে যাব পৰা নৌকা ব্যৱহাৰ কৰা হ'ব ।