অসম

assam

ETV Bharat / state

বি পি এফ আৰু ইউ পি পি এলৰ বাবেও কংগ্ৰেছত বিকল্প আছে: ৰিপুন বৰা - ইউপিপিএল

বিটিচিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোটে 20 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তাৰ ভিতৰত মিত্ৰজোটৰ দলটোৱে 13 ৰ পৰা 15 খন আসন লাভ কৰিব ৷ তেওঁলোকক বাদ দি বি পি এফেই হওক বা ইউ পি পি এলেই হওক কোনোৱে পৰিষদ গঠন কৰিব নোৱাৰে ৷ বুধবাৰে এক সাক্ষাৎকাৰত এই মন্তব্য কৰে ৰিপুন বৰাই ৷

ৰিপুন বৰা
ৰিপুন বৰা

By

Published : Sep 2, 2020, 6:16 PM IST

তেজপুৰ, 2 চেপ্তেম্বৰ: বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত, বিটিচি নিৰ্বাচন সন্দৰ্ভত কেতবোৰ বিষয়ৰ ওপৰত আলোকপাত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ বিটিচিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোটে 20 খন সমষ্টিত প্ৰতিদন্দ্বিতা আগবঢ়াইছে ৷ তাৰ ভিতৰত 13 টাত কংগ্ৰেছ দলে আৰু বাকী থকা 7 টা পৰিষদীয় সমষ্টিত এ আই ইউ ডি এফ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত হোৱা নিৰ্বাচনী প্ৰচাৰৰ গতিৰ প্ৰতি লক্ষ্য ৰাখিলে মিত্ৰজোটৰ দলটোৱে অতি কমেও 13 ৰ পৰা 15 খন আসন লাভ কৰিব বুলি সাক্ষাৎকাৰযোগে উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ বিটিচিৰ পৰিষদ গঠনৰ ক্ষেত্ৰত মিত্ৰজোট দলটোৱে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৷ তেওঁলোকক বাদ দি বি পি এফেই হওক বা ইউ পি পি এলেই হওক কোনোৱে পৰিষদ গঠন কৰিব নোৱাৰে বুলি উল্লেখ কৰে ৰিপুন বৰাই ৷ লগতে বিপিএফ আৰু ইউ পি পি এলৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি কয় তেওঁ ৷

বিপিএফ আৰু ইউপিপিএলৰ বাবেও কংগ্ৰেছত বিকল্প আছে: ৰিপুন বৰা

আনহাতে গণতান্ত্ৰিক দেশ এখনত সকলোৱে আঞ্চলিক দল গঠন কৰাৰ অধিকাৰ আছে বুলি কৈ তেওঁ উল্লেখ কৰে, সকলোৱে যিহেতু অসমৰ স্বাৰ্থ সুৰক্ষাৰ বাবেই দলসমূহ গঠন কৰিছে, তেনে ক্ষেত্ৰত সকলো আঞ্চলিক দল যদি একত্ৰিত নহয় তেন্তে কেনেকৈ স্বাৰ্থ সুৰক্ষা কৰিব বুলিও উল্লেখ কৰে তেওঁ ৷ যদি স্বাৰ্থ সুৰক্ষাটোৱেই তেওঁলোকৰ মূল লক্ষ্য তেন্তে সকলোৱে মিলি একত্ৰিত হ'ব লাগে ৷ তেতিয়াহে অসমৰ স্বাৰ্থ অধিক সুৰক্ষিত হ'ব বুলি তেওঁ মন্তব্য আগবঢ়ায় ৷ মহাজোটক বাদ দিও কংগ্ৰেছ দলে নিজাববীয়াভাৱে ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে, নিৰ্বাচনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৰিপুন বৰাই ৷ তেওঁলোকে যাতে অকলেই বিজেপি দলক পৰাভূত কৰিব পাৰে সেই উদ্দেশ্যৰে তেওঁলোকে নিজাববীয়াকৈয়ো ভিন্ন পদক্ষেপ হাতত লৈছে বুলি কয় তেওঁ ৷

লগতে পঢ়ক:ৰাজ্য চৰকাৰ দ্বাৰা অৱহেলিত অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা

ABOUT THE AUTHOR

...view details