অসম

assam

ETV Bharat / state

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক প্ৰত্যাহ্বান ৰিপুন বৰাৰ - কংগ্ৰেছ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ মুকলি প্ৰত্যাহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ প্ৰধানমন্ত্ৰী পুঁজিৰ লগত ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ কোনো লেন দেন নাই বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীৰ ৷

ripun borah challenged jp nadda
ripun borah challenged jp nadda

By

Published : Jun 29, 2020, 5:25 AM IST

তেজপুৰ,২৮ জুন : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এক প্ৰকাৰ মুকলিকৈ প্ৰত্যাহ্বান জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ তেজপুৰত ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৰিপুন বৰাই কয় যে, ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন এটা ট্ৰাষ্ট, ইয়াত যি কোনো দেশৰ পৰা আৰ্থিক সাহায্য আহিব পাৰে । চীনৰ পৰাও আহিছিল কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰী পুঁজিৰ লগত কোনো লেন দেন নাই ।

উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শনিবাৰে নতুন দিল্লীত এক সংবাদমেলত ঘোষণা কৰিছিল যে চীনৰ পৰা এই ট্ৰাষ্টত ধন সংগ্ৰহ কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰী পুঁজিৰ লগত ইয়াৰ যোগাযোগ ব্যৱস্থা আছে । ইয়াৰ প্ৰত্যুত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বৰাই মুকলি কৈ নাড্ডাক চি বি আই অনুসন্ধানৰ আহ্বান জনালে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক প্ৰত্যাহ্বান ৰিপুন বৰাৰ

তেওঁ পুনৰ কয় যে, লাডাখক লৈ বিজেপিয়ে ৰাজনীতি কৰিছে ৷ সামৰিক বাহিনীৰ ওপৰত কংগ্ৰেছে কৰা ৰাজনীতি কৰা নIই, কংগ্ৰেছ সদায় সামৰিক বাহিনীৰ লগত আছে আৰু থাকিব । কিন্তু পুলৱামাৰ কাহিনী আৰু ভাৰত-পাকিস্তানৰ চাৰ্জিকেল ষ্ট্ৰাইক বিজেপিৰ এক সুকীয়া ৰাজনীতি বুলিও তেওঁ মন্ত্যব কৰে ।

লগতে পঢ়ক :প্ৰদেশ কংগ্ৰেছত বিভেদ অনাৰ ষড়যন্ত্ৰ চলিছে : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details