তেজপুৰ,27 ফেব্ৰুৱাৰী: ৰাজ্যৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে শাসকীয় আৰু বিৰোধী দলৰ নেতাৰ । সাম্ভাৱ্য প্ৰাৰ্থিত্বৰ দৌৰত পিছপৰি ৰোৱা নাই বিজেপি, কংগ্ৰেছ আৰু অন্যান্য দলসমূহ ।
শোণিতপুৰ জিলাৰ ৭২ নং বৰচলা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত সাঙোৰ খাই পৰিছে স্বয়ং কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নাম । 2016 চনত সমষ্টিটো মাত্ৰ এবাৰৰ বাবে বিজেপিৰ দখললৈ যায় ৷ ইয়াৰ পূৰ্বে সমষ্টিটো কংগ্ৰেছৰ অধীনত আছিল ।
2016 চনত গণেশ লিম্বুৱে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ক 23,682 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি সমষ্টিটোৰ দায়িত্ব লয় । যদিও সমষ্টিৰ ৰাইজে আশা কৰা ধৰণৰ উন্নয়ন লাভ নকৰিলে । ইয়াৰ মাজতে 2020 চনত ৰাম মন্দিৰ নিৰ্মাণ কৰা দিনটোত এক সংঘৰ্ষৰ সূত্ৰপাত ঘটে । পৰিণতিত সমষ্টিটোত সপ্তাহযোৰা আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিপর্যয় ঘটে ।