তেজপুৰ,২1 এপ্ৰিল: এজন সেনা বিষয়াই কুকুৰক নিৰ্মম বাবে গুলীয়াই হত্যা কৰা ঘটনাই হতচকিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ এই অমানৱীয় ঘটনা সংঘটিত হৈছে তেজপুৰত ৷
তেজপুৰৰ বাসিন্দা তথা জম্মুত কৰ্মৰত ১১১ টেৰিটৰিয়েল সেনাবাহিনীৰ কেপ্তেইন ৰাজীৱ ফুকনে নিজৰ অনুজ্ঞাপত্ৰ থকা ১২বৰৰ্ ডাবোল বেৰেলৰ বন্দুকৰে এটা পথৰ কুকুৰক গুলীয়াই হত্যা কৰে ৷ আৰক্ষীৰ তথ্য মতে সেনা বিষয়াজনে তেজপুৰৰ হলেশ্বৰস্থিত নিজা বাসগৃহত তেওঁৰ পোহনীয়া কুকুৰটোক এই গৰাকীবিহীন পথৰ কুকুৰে কামুৰাত ফুকনে তেওঁৰ ঘৰৰ অনুজ্ঞাপত্ৰ থকা ১২ বৰৰ্ ডাবোল বেৰেলৰ বন্দুকৰে সোমবাৰে বিয়লি প্ৰায় ৪ বজাত শূন্য দুৰত্বৰ পৰা কুকুৰটোক গুলীয়াই হত্যা কৰে ৷