অসম

assam

ETV Bharat / state

দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ - শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে

দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ ৷ নতুন দিল্লীত চিকিৎসাধীন অৱস্থাত তেজপুৰৰ ৰবৰ বাগান নিৱাসী অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷

দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ
দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেশ প্ৰসাদ মণ্ডলৰ বিয়োগ

By

Published : Oct 14, 2020, 10:32 PM IST

তেজপুৰ, 14 অক্টোবৰ :দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ প্ৰতিষ্ঠাপক সুৰেশ প্ৰসাদ মণ্ডলে আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ তেজপুৰৰ ৰবৰ বাগান নিৱাসী অৱসৰ প্ৰাপ্ত অধ্যাপক গৰাকীৰ 82 বছৰ বয়সত আজি নতুন দিল্লীত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে ৷ নিয়মানুৱৰ্তীতাৰ ক্ষেত্ৰত সকলোৰে বাবে আদৰ্শ স্বৰূপ শিক্ষক গৰাকীয়ে 1960 চনৰ 23 জুলাইত ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত যোগদান কৰিছিল ৷

মহাবিদ্যালয়খনত একক প্ৰচেষ্টাৰে ভূগোল বিভাগটোক গঢ় দিয়া অধ্যাপক গৰাকীৰ দৰং মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহনা আছে ৷ তেওঁ একক প্ৰচেষ্টাৰে গঢ় দিয়া দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগটো পৰৱৰ্তী সময়ত ৰাজ্যৰ ভিতৰতে এক উল্লেখযোগ্য বিভাগ হিচাপে পৰিগণিত হৈ উঠিছিল ৷ মহাবিদ্যালয় খনৰ বিভিন্ন উন্নয়নমূলক ক্ষেত্ৰত নিস্বাৰ্থ ভাবে জড়িত হৈ থকা এই শিক্ষকগৰাকীয়ে ভূগোল বিভাগৰ মূৰব্বী অধ্যাপক আৰু পাছত উপাধ্যক্ষ হিচাপে দৰং মহাবিদ্যালয়ৰ পৰা ১৯৯৬ চনৰ ৩০ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

জানিব পৰা মতে সহকৰ্মী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাবে সন্মানীয় আৰু জনপ্ৰিয় অধ্যাপক গৰাকীৰ বিদায় সভা তিনিদিন ধৰি অনুষ্ঠিত কৰিবলগীয়া হৈছিল । বিগত সময়চোৱাত বৃক্ক আৰু হৃদ ৰোগত ভুগি থকা শিক্ষাবিদ গৰাকীয়ে নতুন দিল্লীস্থিত এইমচত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি দিনৰ ১২-৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখযোগ্য যে প্ৰয়াত অধ্যাপক গৰাকীৰ পত্নীও একেখন মহাবিদ্যালয়ৰে হিন্দী বিভাগৰ অধ্যাপিকা আছিল আৰু তেওঁৰ অৱসৰৰ পূৰ্বেই বিয়োগ ঘটে ৷

বিয়োগৰ সময়ত অধ্যাপক গৰাকীয়ে এইমচত কৰ্মৰত চিকিৎসক পুত্ৰ দীপম পুস্প মণ্ডল আৰু ঝাৰখণ্ডত কৰ্মৰত চিকিৎসক কন্যা ভাৰতী পুস্পমৰ লগতে বহু সংখ্যক গুণমুগ্ধক এৰি গৈছে ৷ বিশিষ্ট শিক্ষক গৰাকীৰ বিয়োগত দৰং মহাবিদ্যালয়ৰ অধক্ষ্য ড° জয়শংকৰ হাজৰিকা, ছাত্ৰ একতা সভা, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:এটিএম হেকাৰৰ লগত জড়িত বহি:ৰাজ্যৰ চাৰিজনীয়া এটা দল গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details