অসম

assam

ETV Bharat / state

AN 32 বিমান দুৰ্ঘটনাঃ কি পৰ্যায়ত উদ্ধাৰ কাৰ্য ?

অষ্টম দিনৰ অন্তত AN-32ৰ বিমানৰ ধ্বংসাৱশেষৰ উদ্ধাৰ পাচতেই ককপিট ভইচ ৰেকৰ্ডাৰ আৰু এফ ডি আৰৰ সন্ধান লাভ কৰি উদ্ধাৰ কৰিছে যদিও বৰ্তমানেও বাকী আছে উদ্ধাৰ কাৰ্যৰ অৱশিষ্ট কাম ৷ প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে উদ্ধাৰ অভিযানত ৷

AN 32 বিমান দুৰ্ঘটনাঃ কিমান দুৰ্বিষহ উদ্ধাৰ কাৰ্য !

By

Published : Jun 14, 2019, 8:48 PM IST

তেজপুৰ, ১৪ জুন : অৰুণাচলৰ পায়ুম আৰু তাটু পাহাৰৰ নামনিত পৰ্বতাৰোহীৰ দল অৱতৰণ কৰা হৈছিল ভাৰতীয় বায়ু সেনাৰ বিমানৰে ৷ প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰৰ বাবে বৰ্তমানেও অৱস্থান কৰি আছে ১৮ জনীয়া দলটি ৷ এয়াৰ ড্ৰপিঙৰে অৱতৰণ কৰোৱা হৈছিল পৰ্বতাৰোহী সকলক ৷ বায়ুসেনাৰ ধ্বংসপ্ৰাপ্ত বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ, চি ভি আৰ, ফ্লাইট ডাটা ৰেকৰ্ডাৰ, আৰু এফ ডি আৰ শুকুৰবাৰে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দলটোৱে ৷

AN 32 বিমান দুৰ্ঘটনাঃ কিমান দুৰ্বিষহ উদ্ধাৰ কাৰ্য !

কিন্তু এতিয়াও ধ্বংসপাপ্ত স্থানতে ৰখা হৈছে বায়ু সেনাৰ শ্বহীদ সকলক ৷ কাৰণ প্ৰতিকূল বতৰৰ বাবে বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো ৷ সেয়েহে এই মূহূৰ্তলৈকে এয়াৰ লিফ্ট কৰিবলৈ সক্ষম হোৱা নাই দলটো ৷ এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

বেয়া বতৰৰ বাবে স্থলসেনা, বায়ু সেনা আৰু ৰাজ্যিক পৰ্বতাৰোহীৰ দলটো এতিয়াও সক্ষম হোৱা নাই দুৰ্ঘটনাস্থলীৰ পৰা উঠি আহিবলৈ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যিক প্ৰশাসনৰ পৰা ৩ জন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰৰণ কৰিছিল ৷ ইয়াৰ পূৰ্বে বায়ু সেনাৰ ৯ জন, স্থলসেনাৰ ৪ জন আৰু ৰাজ্যিক প্ৰশাসনৰ ২ জন মুঠ ১৫ জনীয়া দল প্ৰেৰণ কৰা হৈছিল ৷

বৰ্তমানে মুঠ ১৮ জন উদ্ধাৰকাৰীয়ে দুৰ্ঘটনাস্থলীত অৱস্থান কৰি আছে ৷ প্ৰৱল বৃষ্টিপাত আৰু ঘন কুঁৱলীয়ে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, ধ্বংসাৱশেষৰ স্থানৰ পৰা 200 বাৰৰো অধিক উৰণৰ চেষ্টা চলাইয়ো প্ৰতিকূল বতৰৰ বাবে সফল হ’বলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলটো ৷

ABOUT THE AUTHOR

...view details