তেজপুৰ, ২৬ জানুৱাৰী :আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অসমৰো প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ (Republic Day celebration in Assam)। বিভিন্ন জিলাত চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে এই দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে । তেজপুৰ নেহৰু মৈদানত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে (Minister Keshab Mahanta hoists flag at Tezpur)।
সামৰিক অভিবাদন গ্ৰহণ কৰি তেওঁ জনসাধাৰণক সম্বোধন কৰি এই মাহেন্দ্ৰ-ক্ষণত ৰাজ্যৰ লগতে জিলাখনৰ সকলোলৈ আন্তৰিক শ্ৰদ্ধা, স্নেহ আৰু ওলগ জনাই পোনপ্ৰথমেই স্মৰণ কৰে সেইসকল বীৰ-বীৰাংগনা, জ্ঞাত-অজ্ঞাত স্বাধীনতা সেনানীক যাৰ অপৰিসীম ত্যাগ আৰু আত্ম বলিদানে সম্ভৱ কৰি তুলিছিল দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব অৰ্জনৰ অহিংস সংগ্ৰামখনক ৷ তেওঁ স্মৰণ কৰে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক (Martyrs of freedom movement)৷
তেওঁ শ্ৰদ্ধাৰে সুঁৱৰিলে বীৰাংগনা কনকলতা, মুকুন্দ কাকতি, মনবৰ নাথ, খহুলি দেৱী, লেৰেলা কছাৰী, ৰতন কছাৰী প্ৰমুখ্যে শোণিতপুৰ জিলাৰ বীৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুসকলক ৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা গহপুৰ আৰু ঢেকিয়াজুলি থানাত ব্ৰিটিছ চিপাহীৰ গুলীত প্ৰাণ আহুতি দিয়া সেইসকল শ্বহীদৰ উপৰিও লোকনায়ক অমিয় কুমাৰ দাস, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, ত্যাগবীৰ হেম বৰুৱা, বিজয় চন্দ্ৰ ভাগৱতী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি নমস্য স্বাধীনতা সেনানীৰ কথা অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰে (Freedom movement Martyrs of Assam)৷